নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খানাপাৰাত তিনি এপ্রিলত আন্তর্জাতিক কৃষি মেলা

কৃষি–উদ্যান শস্য মেলাৰ কার্যসূচীৰ শুভাৰম্ভ মন্ত্রী অতুল বৰাৰ

নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ অহা তিনি এপ্রিলৰ পৰা খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব ষষ্ঠ অসম–আন্তর্জাতিক কৃষি–উদ্যান শস্য মেলা৷ কৃষি, উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ উদ্যোগত আৰু ভাৰতীয় বাণিজ্য আৰু ঔদ্যোগিক মহাসংঘৰ কাৰিকৰী সহযোগিতাত অনুষ্ঠিত কৰিবলৈ লোৱা এই মেলাখন অধিক আকর্ষণীয় আৰু ফলপ্রসূ কৰি তুলিবলৈ সকলো ধৰণৰ প্রচেষ্টা হাতত লোৱা হৈছে৷ সোমবাৰে খানাপাৰত থকা কৃষি সঞ্চালকালয় চৌহদত হট এয়াৰ বেলুন উৰুৱাই ষষ্ঠ অসম–আন্তর্জাতিক কৃষি–উদ্যান শস্য মেলাৰ প্রচাৰ কার্যসূচীৰ শুভাৰম্ভ কৰি কৃষিমন্ত্রী অতুল বৰাই এই কথা প্রকাশ কৰে৷ ৩৫০ৰো অধিক ষ্টলৰ ব্যৱস্থা ৰখা এই মেলাত ৰাজ্যখনৰ কৃষিক্ষেত্রৰ সৈতে জড়িত আত্মসহায়ক গোটৰ বাবে ২০০টা, ৰাষ্ট্রীয় পর্যায়ৰ কোম্পানীৰ বাবে ৬০টা, প্রতিষ্ঠানিক গোটৰ বাবে ১০টা, কৃষি বিভাগৰ বিভিন্ন জিলাৰ বাবে ৪০টা আৰু আন্তর্জাতিক সংস্থাৰ বাবে প্রায় ৪০টা ষ্টল সংৰক্ষিত কৰি ৰখা হ’ব৷ কৃষিমন্ত্রীগৰাকীয়ে প্রকাশ কৰা অনুসৰি এই মেলাত সামগ্রিকভাৱে আঢ়ৈ লাখৰ পৰা তিনি লাখ কৃষক আৰু অন্যান্য দর্শনার্থীৰ উপস্থিতি আশা কৰা হৈছে৷ এই মেলাত উত্তৰ–পূর্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ উপৰি কৃষিক্ষেত্রত অগ্রণী কিছুমান ৰাজ্য যেনে– গুজৰাট, অন্ধ্রপ্রদেশ আদিৰ অংশগ্রহণৰ উপৰি ৮খন কর্মশালা, ক্রেতা–বিক্রেতাৰ সন্মিলন আৰু কেইবাটাও কৃষক প্রশিক্ষণৰ আয়োজন কৰা হৈছে৷ আজিৰ অনুষ্ঠানতে কৃষি বিভাগৰ কৃষি তথ্য শাখাই প্রস্তুত কৰা ‘বিকশিত কৃষি বিকশিত অসম’ নামৰ এখন বাইশ মিনিটৰ তথ্যচিত্রৰ লগতে এখন সচিত্র শস্যপঞ্জী আৰু কৃষি দাপোণ নামৰ এখন মাহেকীয়া সংবাদ–আলোচনী কৃষিমন্ত্রী বৰাই মুকলি কৰে৷

You might also like