নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশ এৰি লণ্ডনৰ স্থায়ী বাসিন্দা হ’ব নেকি কোহলি… চৰ্চালৈ আহিছে এই খবৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ জুলাইঃ টীম ইণ্ডিয়াৰ বিজয় পেৰেডৰ পাছত বিৰাট কোহলি পোনে পোনে মুম্বাইৰ পৰা লণ্ডনলৈ গৈছে। কোহলিৰ পত্নী অনুষ্কা শৰ্মা আৰু আকাই-বামিকা লণ্ডনত আছে। সন্তান জন্মৰ পৰাই অনুষ্কাই তাতেই আছে। এতিয়া পোহৰলৈ আহিছে এক আচৰিত খবৰ। দাবী কৰা হৈছে যে কোহলি আৰু অনুষ্কা ভাৰত এৰি চিৰদিনৰ বাবে লণ্ডনলৈ স্থানান্তৰিত হৈছে। ইয়াৰ সৈতে জড়িত বহু পোষ্ট ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। কিন্তু এই দাবী সন্দৰ্ভত কোনো বক্তব্য আগবঢ়োৱা হোৱা নাই। আচলতে ছ’চিয়েল মিডিয়াত কোহলি আৰু অনুষ্কাক লৈ বহু কথাই চলি আছে। এটা পোষ্টত দাবী কৰা হৈছে যে দুয়োজনেই লণ্ডনলৈ স্থানান্তৰিত হৈছে। কিন্তু এই সন্দৰ্ভত বিৰাট বা অনুষ্কাৰ কোনো প্ৰতিক্ৰিয়া হোৱা নাই। টীম ইণ্ডিয়া চেম্পিয়ন হোৱাৰ পিছতে বিৰাট আহিছিল দিল্লীলৈ। ইয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লগ পোৱাৰ পিছত মুম্বাইলৈ ৰাওনা হয়। ইয়াত বিজয় পেৰেডৰ আয়োজন কৰা হৈছিল আৰু তাৰ পিছত বিৰাট লণ্ডনলৈ গৈছিল। বিৰাট কোহলিৰ বহুত সম্পত্তি আছে। দিল্লী আৰু মুম্বাইত তেওঁৰ ঘৰ আছে। খবৰ অনুসৰি অলপতে কোহলিয়ে আলিবাউগত প্ৰায় ১০ কোটি টকাৰ বাংলো ক্ৰয় কৰিছিল। এতিয়া ছ’চিয়েল মিডিয়াত দাবী কৰা হৈছে যে তেওঁ লণ্ডনত আছে। অনুষ্কা বহুদিনৰ পৰা লণ্ডনত আছে। আকাই জন্ম হোৱাৰ ঠিক আগতেই তেওঁ গুচি গৈছিল। দাবী কৰা হৈছে যে আকাইৰ জন্ম লণ্ডনত হৈছিল। আকাইৰ জন্মৰ বাবে টীম ইণ্ডিয়াৰ পৰা ছুটী লৈ লণ্ডনলৈ গৈছিল কোহলি। গুৰুত্বপূৰ্ণ কথাটো হ’ল অনুষ্কাই যোৱা কেইবামাহো তাতেই বসবাস কৰি আছে। কিন্তু ইয়াত কিমান সত্য আছে সেয়া নিশ্চিত হোৱা নাই। হয়, এইটো সঁচা যে অনুষ্কা বহুদিনৰ পৰা লণ্ডনত আছে।

You might also like