নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাংগলিক অনুষ্ঠানেৰে কহিনুৰ থিয়েটাৰৰ ৪৯সংখ্যক নাট্যবৰ্ষৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ১৩ জুলাইঃ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ অন্যতম মুকুটাস্বৰূপ নাট্যনগৰী পাঠশালাৰ কহিনুৰ থিয়েটাৰৰ ২০২৫-২৫ নাট্যবৰ্ষৰ আখৰাগৃহৰ কালি শুভাৰম্ভ কৰা হয়৷ মাংগলিক অনুষ্ঠানেৰে পাঠশালাৰ জ্যোতিনগৰস্থিত কহিনুৰ থিয়েটাৰৰ স্থায়ী আখৰাগৃহত ৪৯ সংখ্যক নাট্যবৰ্ষৰ আখৰাৰ শুভাৰম্ভ কৰে প্ৰযোজক তপন লহকৰে৷ ইয়াৰ পূৰ্বে প্ৰয়াত ৰতন লহকৰৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে ক্ৰমে তেওঁৰ সহধৰ্মিনী জ্যোতি লহকৰ, প্ৰযোজক তপন লহকৰ সমন্বিতে শিল্পী আৰু কলাকুশলীসকলে৷ ইয়াৰ পিছতে সন্ধিয়া অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ অন্যতম খনিকৰ, মঞ্চৰত্ন ৰতন লহকৰৰ স্মৃতি বিজড়িত কহিনুৰ থিয়েটাৰৰ নাট্যবৰ্ষৰ শুভাৰম্ভণিতে মৃদুল চুতীয়াৰ “পিঞ্জৰা” নাটকৰ আখৰা কৰা হয়৷ ইপিনে কালি সন্ধিয়া কহিনুৰৰ আন এখন নাট “মই ব্ৰহ্মপুত্ৰ”ৰ এটি ভিডিঅ’ ট্ৰেইলাৰ মুকলি কৰা হয়৷ ট্ৰেইলাৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰে৷ এই অনুষ্ঠানত বিশিষ্ট অধিবক্তা গিৰিধৰ চৌধুৰী, কবি পুৰন্দৰ পাটগিৰি সমন্বিতে কেইবাগৰাকীও গন্য মান্য লোক উপস্থিত থাকে৷ উল্লেখ্য যে ২৪-২৫ নাট্যবৰ্ষত ৪৯সংখ্যক কহিনুৰ থিয়েটাৰে এইবেলি মঞ্চস্থ কৰিব তিনিগৰাকীকৈ নাট্যকাৰৰ তিনিখন ভিন্ন ৰুচিৰ নাট৷ জনপ্ৰিয় নাট্যকাৰ তথা পৰিচালক অভিজিত ভট্টাচাৰ্যৰ “মই ব্ৰহ্মপুত্ৰ”, বিশিষ্ট নাট্যকাৰ, অভিনেতা চম্পক শৰ্মাৰ “বনৰীয়া ফুল” আৰু বলিষ্ঠ অভিনেতা তথা নাট্যকাৰ মৃদুল চুতীয়াৰ “পিঞ্জৰা”৷ ৪৯সংখ্যক নাট্যবৰ্ষত কহিনুৰ থিয়েটাৰত এইবেলি অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে সুদক্ষ অভিনেতা কৃষ্ণমণি নাথ, বেহাৰবাৰী আউটপোষ্টৰ S.I. খ্যাত প্ৰীতম বৰুৱা, বিভাষ শৰ্মা, হেমেন শৰ্মা, ত্ৰিদীপ ৰয়, ৰাজদ্বীপ মহন্ত, মুন কলিতা, দীপক তালুকদাৰ, বলিষ্ঠ অভিনেত্ৰী গিৰিজা মহন্ত, ভায়োলিনা বৰুৱা, জেৰিণা বৰুৱা, মধুমিতা পৰাশৰ সমন্বিতে বহুতো ন-পুৰণি অভিনেতা অভিনেত্ৰী৷

প্ৰেৰক কল্যাণ কলিতা

You might also like