নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্ণৌত ম’বাইলত কেণ্ডী ক্রাছ খেলাৰ বাবেই চাকৰি গ’ল শিক্ষকৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ জুলাইঃ গেম খেলাৰ অতিৰিক্ত আসক্তিয়েই কাল হ’ল ম’বাইল ফোনত জনপ্রিয় ভিডিঅ’ গেম কেণ্ডী ক্রাছ খেলাৰ বাবেই উত্তৰ প্রদেশৰ এগৰাকী শিক্ষকৰ চাকৰি গ’ল৷ শিক্ষকগৰাকীৰ বিৰুদ্ধে অভিযোগ উঠে যে শ্রেণীকোঠাত পঢ়াবলৈ আহিও তেওঁ ম’বাইল ফোন লৈ বহি থাকে৷ ছাত্র–ছাত্রীসকলক পাঠদান ভালদৰে নকৰে৷ অন্যান্য কর্তব্যও সঠিকভাৱে পালন নকৰাৰ অভিযোগ উঠে৷ ইয়াৰ পিছতে ম’বাইল ফোন পৰীক্ষা কৰি চাই শিক্ষকগৰাকীক চাকৰিৰ পৰা অপসাৰণ কৰে স্কুল কর্তৃপক্ষই৷ এই ঘটনাৰ নেপথ্যত আছে বিদ্যালয় পৰিদর্শক ৰাজেন্দ্র পানছিয়া৷ বিদ্যালয়খনলৈ গৈ শিক্ষার্থীসকলৰ বহি পৰীক্ষা কৰি চাই আচৰিত হৈ পৰে ৰাজেন্দ্র পানছিয়া৷ ৬জন ছাত্রৰ ৬ পৃষ্ঠাৰ লেখাত ৯৫টা ভুল দেখিবলৈ পায় ৰাজেন্দ্রই৷ ইয়াৰ পিছতে শিক্ষক প্রিয়ম গোৱেলে ছাত্র–ছাত্রীসকলক কি শিকায়, সেই কথা তেওঁ জানিব বিচাৰে৷ শিক্ষার্থীসকলৰ ঘৰুৱা কামৰ বহী কিয় শিক্ষকগৰাকীয়ে চোৱা নাছিল, সেই কথাও জানিব বিচাৰে পানছিয়াই৷ ইয়াৰ সদুত্তৰ দিব নোৱাৰিলে শিক্ষক প্রিয়মে৷ ইয়াৰ পিছতে শিক্ষকগৰাকীৰ ম’বাইল ফোন পৰীক্ষা কৰি আচৰিত হৈ পৰে ৰাজেন্দ্র পানছিয়া৷ বিদ্যালয়ত থকা প্রায় ৬ ঘণ্টা সময়ৰ ৩ ঘণ্টাতকৈ অধিক সময় শিক্ষকগৰাকীয়ে কেণ্ডী ক্রাছ খেলাৰ লগতে ছ’চিয়েল মিডিয়া এপত ব্যস্ত আছিল৷ ইয়াৰ উপৰি ২৬ মিনিট সময় ফোনত কথা পাতিছিল শিক্ষকগৰাকীয়ে৷ এই তথ্য লাভ কৰাৰ পিছতে স্কুল পৰিদর্শকগৰাকীয়ে শিক্ষা বিভাগক সবিশেষ তথ্য জনায়৷ তাৎক্ষণিকভাৱে শিক্ষা বিভাগে এই সহকাৰী শিক্ষকগৰাকীক বর্খাস্ত কৰে৷

You might also like