১ আগষ্টৰ পৰা সপ্তম দৰমহা আয়োগৰ মতে কৰ্ণাটকৰ চৰকাৰী কৰ্মচাৰীলৈ দৰমহা
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ জুলাইঃ ১ আগষ্টৰ পৰা সপ্তম দৰমহা আয়োগৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কৰ্ণাটক কেবিনেটে। পৰামৰ্শ অনুসৰি চৰকাৰী কৰ্মচাৰীৰ মৌলিক দৰমহা ২৭.৫ শতাংশ বৃদ্ধি পাব। মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়াৰ চৰকাৰৰ এই সিদ্ধান্তই ৰাজ্য চৰকাৰৰ ১২ লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰক উপকৃত কৰিব। ২০২২ চনৰ নৱেম্বৰ মাহত প্ৰাক্তন মুখ্য সচিব কে সুধাকৰ ৰাওৰ নেতৃত্বত দৰমহা আয়োগ গঠন কৰা হৈছিল। চৰকাৰী কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তৰ বাবেই চৰকাৰী কোষাগাৰত প্ৰতি বছৰে ১৭,৪৪০.১৫ কোটি টকাৰ অতিৰিক্ত বোজা ৰাজ্য চৰকাৰৰ মূৰত পৰাৰ সম্ভাৱনা দেখা দিছে। ইতিমধ্যে ঘোষণা কৰিছিল যে দৰমহা যদি বৃদ্ধি নহয় তেন্তে আগষ্টৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্মঘট হ’ব। দৰমহা বৃদ্ধিৰ সৈতে জড়িত সিদ্ধান্ত ল’বলৈ ছিদ্দাৰামাইয়া চৰকাৰৰ ওপৰত হেঁচা দিছিল। সেয়ে চৰকাৰে এতিয়া দৰমহা বৃদ্ধিৰ সিদ্ধান্ত লৈছে। ২০২৪ চনৰ মাৰ্চ মাহত লোকসভা নিৰ্বাচন ঘোষণাৰ পূৰ্বে আয়োগে চূড়ান্ত প্ৰতিবেদন মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়াক দাখিল কৰিছিল। আয়োগৰ পৰামৰ্শ অনুসৰি চৰকাৰী কৰ্মচাৰীৰ ন্যূনতম মজুৰি ১৭ হাজাৰ টকাৰ পৰা ২৭ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। কৰ্ণাটক চৰকাৰে এতিয়া কৰ্মচাৰীৰ দৰমহাৰ বাবে প্ৰতি বছৰে ৭,৪০৯ কোটি টকা ব্যয় কৰিব লাগিব। পেঞ্চন আৰু পৰিয়াল পেঞ্চনৰ বাবে ব্যয় হ’ব ৩৭৯১ কোটি টকা। ইয়াৰ উপৰি অন্যান্য খৰচো অন্তৰ্ভুক্ত কৰা হৈছে, যিবোৰ চৰকাৰে বহন কৰিব। দৰমহা বৃদ্ধিৰ সিদ্ধান্তক আদৰণি জনাইছে কৰ্ণাটকৰ ৰাজ্য চৰকাৰী কৰ্মচাৰী সংঘই। উল্লেখনীয় যে যোৱা বছৰ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তদানীন্তন মুখ্যমন্ত্ৰী বাসৱৰাজ বোমাই নেতৃত্বাধীন বিজেপি চৰকাৰে অন্তৰ্ৱৰ্তীকালীন সকাহ হিচাপে ১৭ শতাংশ দৰমহা বৃদ্ধি কৰিছিল। ইয়াত ১০.৫ শতাংশ বৃদ্ধিৰ সিদ্ধান্ত পৰৱৰ্তী চৰকাৰৰ ওপৰত এৰি দিয়া হৈছিল, যিটো এতিয়া ছিদ্দাৰামাইয়া চৰকাৰে গ্ৰহণ কৰিছে। কৰ্ণাটক ৰাজ্য চৰকাৰী কৰ্মচাৰী সংঘৰ ৰাজ্যিক সভাপতি শদক্ষৰীয়ে কয়, ‘কৰ্মচাৰীসকলক ২৭.৫% দৰমহা বৃদ্ধি দিয়াৰ সিদ্ধান্তক আমি আদৰণি জনাইছো।