নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৭২ সাপে কামোৰাৰ পিছতো হানি নোহোৱা হিমাচলৰ অমৰ সিং… সবিশেষ জানক

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ জুলাইঃ মানুহে সাপক ভয় কৰে কাৰণ সাপ বিষাক্ত। মানুহে জানে যে বিষাক্ত সাপে কামুৰিলে জীৱনলৈ কাল নামি আহে। ইতিহাসৰ এনে বহু চৰিত্ৰৰ বিষয়ে আপুনি নিশ্চয় পঢ়িছে, যিসকল সাপৰ বিষ বা আন কোনো বিষৰ দ্বাৰা প্ৰভাৱিত হোৱা নাছিল। কাৰণ বিষৰ পৰা হাত সাৰিবলৈ আদিৰে পৰা সাজু হৈছিল। কিন্তু আজি আমি আপোনালোকক ক’ম এজন ভাৰতীয়ৰ বিষয়ে যিজনক ২৭২ বাৰ সাপে কামুৰিছিল যদিও তেওঁৰ একো নহ’ল। আমি যিজন ব্যক্তিৰ কথা কৈছো তেওঁ হৈছে হিমাচল প্ৰদেশৰ অমৰ সিং। ২০০৩ চনত যেতিয়া এই কথা পোহৰলৈ আহিছিল, তেতিয়া আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও ইয়াৰ বাতৰি প্ৰকাশ কৰিছিল। সেই সময়ত ৯২ বছৰীয়া অমৰ সিঙে দাবী কৰিছিল যে তেওঁক সৰুৰে পৰা ২৭২ বাৰ সাপে কামুৰিছিল যদিও সাপৰ বিষৰ কোনো প্ৰভাৱ তেওঁৰ ওপৰত নাছিল। সেই সময়ত সংবাদ মাধ্যমৰ সৈতে কথা পাতি অমৰ সিঙে কৈছিল যে তেওঁ আৰম্ভণিৰে পৰা নিমখ নাখাই বাবে সাপৰ বিষৰ কোনো প্ৰভাৱ নপৰে। তেওঁৰ বিশ্বাস আছিল যে যদি আপুনি নিমখ নাখায় তেন্তে সাপৰ বিষে আপোনাৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে। অৱশ্যে বিজ্ঞানে এই কথা মানি লোৱা নাই। বিজ্ঞানৰ মতে যদি কোনো বিষাক্ত সাপে আপোনাক কামোৰ দিয়ে, তেন্তে সেই বিষটোৱে আপোনাক প্ৰভাৱিত কৰাটো নিশ্চিত।

You might also like