ছুটী লৈ ঘৰলৈ অহা নহ’ল… দেশৰ বাবে প্ৰাণ বিসৰ্জন ব্ৰিজেশ-ৰাজেশ-অজয়ৰ
🎯 জম্মু-কাশ্মীৰৰ ডোডাত এনকাউণ্টাৰত শ্বহীদ ৫ জোৱান
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ জুলাইঃ জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ ডেছাত সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ হয় এজন সেনা কেপ্টেইনসহ চাৰিজন জোৱান। এজন আৰক্ষীৰো মৃত্যু হৈছে। অৰ্থাৎ মুঠ ৫জন লোকে প্ৰাণ হেৰুৱাইছে। কালিৰ পৰা ৰাষ্ট্ৰীয় ৰাইফলছ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে ইয়াত তালাচী অভিযান চলাই আছিল। তালাচীৰ সময়ত গুলীচালনা কৰি থকাৰ সময়তে সন্ত্ৰাসবাদীয়ে পলাই যায়। ঘন অৰণ্যৰ বাবেই তেওঁলোক পলায়ন কৰে। কালি নিশা প্ৰায় ৯ বজাত পুনৰ গুলীচালনা হয়। ইয়াৰ ফলত ৫জন জোৱান গুৰুতৰভাৱে আহত হয়। চিকিৎসাৰ সময়ত তেওঁলোকৰ মৃত্যু হয়। শ্বহীদ ৰাষ্ট্ৰীয় ৰাইফলছৰ জোৱানসকলৰ ভিতৰত কেপ্টেইন ব্রিজেশ থাপা আছিল পশ্চিম বংগৰ দাৰ্জিলিঙৰ আৰু কনিষ্টবল ব্রিজেন্দ্ৰ আৰু কনিষ্টবল অজয় ৰাজস্থানৰ ঝুনঝুনুৰ৷ নায়ক ডি ৰাজেশ সম্পৰ্কে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই। ২০১৯ চনত সেনাবাহিনীত যোগদান কৰিছিল কেপ্টেইন ব্রিজেশ থাপাই। ১৫ জানুৱাৰী, সেনা দিৱসত কেপ্টেইন ব্রিজেশ থাপাৰ (২৭) জন্ম হৈছিল৷ তেওঁৰ মাতৃয়ে জনোৱা মতে, তেওঁ পুত্ৰৰ সৈতে শেষবাৰৰ বাবে দেওবাৰে (১৪ জুলাই) কথা পাতিছিল। তেওঁ কয় যে মোৰ পুত্ৰৰ ত্যাগৰ বাবে মই গৌৰৱান্বিত। যদি আমি আমাৰ পুত্ৰক সীমান্তলৈ পঠিয়াব নোৱাৰো তেন্তে দেশৰ বাবে কোনে যুঁজিব। কেপ্টেইন ব্রিজেশৰ পিতৃ কৰ্ণেল ভুৱনেশ থাপাই কয় – যেতিয়া মোক কোৱা হ’ল যে তেওঁ আৰু নাই, তেতিয়া মোৰ বিশ্বাস নহ’ল৷ মোৰ আৰ্মী ইউনিফৰ্ম পিন্ধি সি ঘূৰি ফুৰিছিল। ইঞ্জিনীয়াৰিং কৰিও তেওঁ সেনাবাহিনীত যোগদান কৰিব বিচাৰিছিল। এবাৰতে পৰীক্ষাত উত্তীৰ্ণ হৈ সেনাবাহিনীত যোগদান কৰিছিল। মই গৌৰৱান্বিত যে মোৰ পুত্ৰই দেশ আৰু ইয়াৰ নিৰাপত্তাৰ বাবে কিবা এটা কৰিছে। দুখৰ কথাটো হ’ল আমি তেওঁক আৰু লগ কৰিব নোৱাৰিম, নহ’লেও মই সুখী যে তেওঁ নিজৰ দেশৰ বাবে প্ৰাণ আহুতি দিলে। ৰাতি ১১ বজাত আমি খবৰটো পাইছিলোঁ। ময়ো সৈনিক হৈ আহিছো, হাবিত সন্ত্ৰাসবাদী দেখাটো বৰ টান। অৰণ্যবোৰ বৰ ঘন৷ ইফালে তিনি দিন পিছত ঘৰলৈ অহাৰ কথা আছিল অজয়ৰ। পিছে কাইলৈ পুৱা কনিষ্টবল অজয় সিং নাৰুকাৰ (২৬) মৃতদেহ সিংঘনাৰ পৰা ভাইছাৱতা কলন (ঝুনঝুনু)ত উপস্থিত হ’ব। তাৰ পৰা শ্বহীদগৰাকীৰ সন্মানত শোভাযাত্ৰা উলিওৱা হ’ব। অজয়ৰ পিতৃ কমল সিং নাৰুকাও সেনাবাহিনীত হাবিলদাৰ আছিল। ২০১৫ চনত অৱসৰ গ্ৰহণ কৰিছিল কমল সিঙে। ২০২১ চনৰ ২১ নৱেম্বৰত শ্বহীদ অজয় সিং নাৰুকাৰ বিবাহ হৈছিল। অজয় সিঙৰ কনিষ্ঠ ভাতৃ কৰণবীৰ সিং (২৪) বাথিণ্ডা (পাঞ্জাৱ)ৰ এ আই এম এছত চিকিৎসক। পত্নীয়ে এইবাৰ চিৰাৱা মহাবিদ্যালয়ৰ পৰা এম এছ চি কৰিছিল। শ্বহীদৰ ককাক কায়াম সিঙো ভাৰতীয় সেনাৰ ২৩ ৰাজপুত ৰেজিমেণ্টত ছিকিমত পদবীত আছে। ২০২২ চনত তেওঁ সেনা পদক লাভ কৰিছিল। পৰিয়ালৰ লোকে জনোৱা মতে, অজয় সিং দুমাহ পূৰ্বে ছুটী লৈ ঘৰলৈ আহিছিল। ইয়াৰ পিছত তেওঁ পুনৰ কৰ্তব্যলৈ আহিল। দুদিন পিছত ১৮ জুলাইত তেওঁ ছুটী লৈ গাঁৱলৈ উভতি যোৱাৰ কথা আছিল। ইয়াৰ আগতে তেওঁ এনকাউণ্টাৰত শ্বহীদ হয়। আনহাতে ৫ দিন আগতে ঘৰলৈ অহাৰ কথা আছিল, কিন্তু ছুটী বাতিল হ’ল বিজেন্দ্ৰৰ। বিজেন্দ্ৰ সিঙে ২০১৮ চনত সেনাবাহিনীত যোগদান কৰিছিল। ২০১৯ চনত বিবাহপাশত আবদ্ধ হয়। তেওঁৰ দুজন পুত্ৰ আছে, এজনৰ বয়স চাৰি বছৰ, আনজনৰ বয়স এবছৰ। শ্বহীদৰ কনিষ্ঠ ভাতৃ দশৰথ সিঙো সেনাবাহিনীত আছে। বৰ্তমান তেওঁ লক্ষ্ণৌত আছে। পৰিয়ালটোত তিনিগৰাকী ভগ্নী আৰু পিতৃ-মাতৃও আছে। বিজেন্দ্ৰ সিং ফেব্ৰুৱাৰী মাহত এমাহৰ ছুটী লৈ নিজৰ ঘৰলৈ আহিছিল। কিন্তু পাঁচ দিন আগতে ঘৰলৈ অহাৰ কথা আছিল, কিন্তু সন্ত্ৰাসবাদী কাণ্ডৰ বাবে ছুটী বাতিল কৰা হৈছিল। ইফালে ঘটনাৰ পিছতে সেনা প্ৰধানৰ সৈতে কথা পাতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেনাপ্ৰধানৰ পৰা এই এনকাউণ্টাৰৰ তথ্য লৈছে। জম্মু সংমণ্ডলৰ ডোডাত ৩৪ দিনৰ ভিতৰত এয়া পঞ্চম ঘটনা।