ঢকুৱাখনাৰ বোকাময় পথাৰত ভূঁই ৰোৱাত ব্যস্ত জাক জাক ৰোৱনী
নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ আজি পহিলা শাওন। প্ৰতিজন চহা অসমীয়াৰ সীমাহীন ব্যস্ততা এতিয়া শাওনৰ পথাৰত। শাওণৰ পথাৰত কপালৰ ঘাম মাটিত পেলাই নাঙলৰ সীৰলুত সেউজীয়াৰ সপোন ৰচে চহা অসমীয়াই। সোণফলা মাটিত প্ৰাণ পোৱা মুঠি মুঠি কঠীয়াই সজীৱ কৰি তোলে জীয়াই থকাৰ আশা। উশাহ লবলৈ সময় নোহোৱা কৃষকৰ বাবে অতি ব্যস্ত সময় এয়া। শাওণ মানেই ব্যস্ততা। ৰ’দ আৰু বৰষুণত তিতি শুকাই দেহা ক’লা পৰি যোৱা মাহেই শাওণ। শাওণৰ আছে নিজস্ব সপোন, সোণোৱালী সপোন। যি সপোনে আনে আশাৰ বতৰা।শাওনৰ পথাৰত এতিয়া পইতা ভাত আৰু তামোলৰ জুতি। এয়াই হৈছে শাওণ, যিয়ে চঞ্চল হাঁহিৰে নিভাঁজ কৰি তোলে চহা মানুহৰ মনবোৰ। ভৰ বাৰিষাৰ মাজত এতিয়া খেতি পথাৰত ব্যস্ত কৃষক-ৰোৱনীসকল। পথাৰত দুগুণে ব্যস্ত হৈ পৰিছে কৃষিজীৱি প্ৰতিজন চহা অসমীয়া।ৰাজ্যৰ প্ৰতিখন ঠাইৰ সমান্তৰালকৈ ঢকুৱাখনাৰ পথাৰতো ভুঁই ৰোৱাত ব্যস্ত কৃষক-ৰোৱনী।পথাৰৰ বোকা-মাটিৰ বুকুত এগোঁজ দুগোঁজকৈ কঠীয়াৰে ভৱিষ্যতৰ আখৰ লিখিছে ৰোৱনীয়ে।বছৰ বছৰ ধৰি কৃষি বিভাগৰ অভিলাষী আঁচনিৰ পৰা বঞ্চিত হৈও নিজৰ গাঁঠিৰ ধন ভাঙি কৃষিকাৰ্য্যত আত্মনিয়োগ কৰি আহিছে ঢকুৱাখনাৰ কৃষক ৰাইজে। বহুতো অসুবিধাৰ সন্মুখীন হৈও প্ৰকৃতিকেই শেষ সম্বল হিচাপে লৈ ভৰা শাওণৰ পথাৰত এতিয়া যুদ্ধকালীন প্ৰস্তুতি চলাইছে চহা গ্ৰাম্য কৃষকে। ৰ’দ-বৰষুণেও যেন এইবাৰ লগে-ভাগে সহযোগ কৰিছে ঢকুৱাখনাৰ কৃষকসকলক।ঢকুৱাখনাৰ পথাৰে পথাৰে এতিয়া দেখিবলৈ পোৱা গৈছে চহা খেতিয়ক পৰিয়ালৰ ব্যস্ততা। আহৰি নাই গাঁৱৰ ঘৰবোৰত। গৰুহাল লৈ পুৱাতে গৃহস্থই পথাৰত হালবাই বোকা দিছে। জাক জাক ৰোৱনীয়ে পথাৰত আপোন পাহৰা হৈ ভুঁই ৰুইছে। একাঁঠু পানী আৰু বোকাৰ মাজত সোমাই সেউজীয়াৰে সপোন ৰচি আনন্দ উল্লাসেৰে গাইছে গান। কোনোৱে যদি কঠিয়া তুলিছে, কোনোৱে দাঙিছে কঠিয়াৰ ভাৰ,কোনোৱে আলিপাৰ দিয়াৰ লগতে জাক জাক ৰোৱনীয়ে ৰ’দ-বৰষুণ আওকাণ কৰি হাঁহি মাতি আনন্দেৰে ভূঁই ৰুই সেউজীয়া কৰিছে পথাৰ।কোনোবাজনীৰ মুখত যদি বিহুনামৰ কলি আন কোনোবাই হাঁচতিত বান্ধি নিয়া তামোল উলিয়াই মুখত বোৱাইছে সেলেঙী। চঞ্চলা হাঁহি ৰং ধেমালিৰ নানা কথাৰ মাজতেই পাৰ হয় পথাৰৰ সময়বোৰ, তাতেই যেন এওঁলোকে বিচাৰি পাই সুখৰ অনুভূতি, জীৱনৰ অন্য এক মাদকতা। সেউজীয়াৰেই সপোন ৰচি আনন্দ উল্লাসৰে গাইছে জীৱনৰ গান। শাওণৰ পথাৰত জীপাল হব আশাবোৰ। ভাদ-আহিনত সজাল ধৰা ধাননিদৰাৰ দৰেই সজাল ধৰিব তেওঁলোকৰ সপোনবোৰ। ধানে পোখামেলি সোনোৱালী বৰণৰে আগুৱাই যোৱাৰ দৰেই পোখামেলা আশাবোৰে ভবিষ্যতৰ সপোন ৰচি অবিৰাম গতিত আগুৱাই যাব। মূৰৰ ঘাম মাটিত পেলাই চহ কৰা কেঁচা মাটিত সৃষ্টি হ’ব হাজাৰ বিজাৰ সোণোৱালী সপোন।
প্ৰেৰক পুলকজ্যোতি বৰা