নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওমানৰ উপকূলত নিৰুদ্দিষ্ট ১৩ ভাৰতীয়ৰ সন্ধান বিচাৰি ভাৰতীয় যুদ্ধজাহাজ নিয়োগ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ জুলাইঃ ওমানৰ উপকূলত উলটি যোৱা তেল টেংকাৰখনক সহায় কৰিবলৈ ভাৰতীয় নৌসেনাই নিজৰ যুদ্ধ জাহাজ আই এন এছ টেগ আৰু এখন চোৱাচিতা বিমান পি-৮আই নিয়োগ কৰিছে। আচলতে ভাৰতীয় নৌসেনাই ওমানৰ নৌসেনাৰ সহযোগত সাগৰত উদ্ধাৰ অভিযান চলাই আছে। তেল টেংকাৰখন উলটি যোৱা সেই অঞ্চলতে ভাৰতীয় যুদ্ধজাহাজখন চলি আছিল। ইয়াৰ পিছত ভাৰতীয় যুদ্ধজাহাজখন উদ্ধাৰ অভিযান চলাবলৈ প্ৰেৰণ কৰা হয়। কালি পুৱা যুদ্ধ জাহাজখনে উলটি যোৱা তেল টেংকাৰখন ধৰা পেলাইছিল। সাগৰত বাগৰি পৰা জাহাজখন প্ৰেষ্টিজ ফেলকন বুলি চিনাক্ত কৰা হৈছে। এই জাহাজখন ডুবাইৰ হামৰিয়া বন্দৰৰ পৰা য়েমেনৰ এডেন বন্দৰলৈ গৈ আছিল। একে সময়তে ওমানৰ উপকূলৰ ৰাছ মাদ্ৰাকা অঞ্চলৰ পৰা প্ৰায় ৪৬ কিলোমিটাৰ দক্ষিণ-পূবে সাগৰত উফৰি পৰে কোমোৰোছৰ পতাকা থকা এই জাহাজখন। ইয়াৰ ১৬জনীয়া ক্ৰুত আছে ১৩জন ভাৰতীয় আৰু ৩জন শ্ৰীলংকাৰ নাগৰিক। ওমানত থকা ভাৰতীয় দূতাবাসে ওমান কৰ্তৃপক্ষৰ সৈতে অহৰহ যোগাযোগত আছে। একে সময়তে নাৱিকসকলৰ বাবে অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলোৱা হৈছে। অৱশ্যে জাহাজখনৰ পৰা তেল নিৰ্গত হৈছে নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই। যিটোৰ তদন্ত চলাই আছে ওমান মেৰিটাইম ছিকিউৰিটি চেণ্টাৰে (OMSC)। বৰ্তমান ভাৰতীয় নৌসেনায়ো অনুসন্ধান আৰু উদ্ধাৰ অভিযানত যোগদান কৰিছে। ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজ আই এন এছ টেগক ওমানীৰ জাহাজ আৰু কৰ্মীসকলৰ সৈতে সামুদ্ৰিক চোৱাচিতা বিমান পি-৮আইৰ সৈতে মোতায়েন কৰি ১৩জন ভাৰতীয়কে ধৰি ক’মৰ’ছৰ পতাকা থকা জাহাজ এখন ক্ৰুৰ সৈতে অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাবলৈ নিয়োগ কৰা হৈছে। বৰ্তমান চালকজন সন্ধানহীন হৈ আছে। তেওঁলোকৰ সন্ধান অব্যাহত আছে। জাহাজৰ তথ্য অনুসৰি জাহাজখন ২০০৭ চনত নিৰ্মিত ১১৭ মিটাৰ দীঘল তেল সামগ্ৰীৰ টেংকাৰ।

You might also like