নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত ভাৰতৰ নতুন ৰাষ্ট্রদূত বিনয়মোহন ক্বাট্রা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ জুলাই : আমেৰিকাৰ ভাৰতৰ পৰৱর্তী ৰাষ্ট্রদূত হিচাপে নিযুক্তি দিয়া হৈছে বিনয়মোহন ক্বাট্রাক৷ এই পদত ক্বাট্রাক নিয়োগ কৰা বুলি এক বিবৃতি প্রকাশ কৰিছে ভাৰতীয় বিদেশ মন্ত্রালয়ে৷ ইয়াৰ পূর্বে এই পদত আছিল তৰণজিৎ সান্ধু৷ চলিত বছৰৰ আৰম্ভণিতে সান্ধুৱে এই পদ ত্যাগ কৰে৷ উল্লেখনীয় যে দেশৰ প্রাক্তন বিদেশ সচিব বিনয়মোহন ক্বাট্রাই পূর্বে বিদেশ নীতি নির্ধাৰণৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল৷ আনকি বিনয়মোহন ক্বাট্রাৰ দক্ষতাক ইতিমধ্যে শলাগিছে বিদেশমন্ত্রী এছ জয়শংকৰে৷ বিদেশ দপ্তৰৰ ৱেবছাইটৰ এক বিবৃতিত উল্লেখ কৰা হৈছে যে শীঘ্রে বিনয়মোহন ক্বাট্রাই ভাৰতৰ ৰাষ্ট্রদূতৰ দায়িত্ব গ্রহণ কৰিব৷ উল্লেখনীয় যে তিনি দশক ধৰি কূটনৈতিক দায়িত্ব পালন কৰিছিল ক্বাট্রাই৷ এসময়ত নেপালত ভাৰতৰ ৰাষ্ট্রদূতৰ দায়িত্বতো আছিল ক্বাট্রা৷ ২০১৭ চনৰ আগষ্টৰ পৰা ২০২০ চনৰ ফেব্রুৱাৰীলৈকে ফ্রান্সত ভাৰতৰ ৰাষ্ট্রদূতৰ দায়িত্ব পালন কৰিছিল সুদক্ষ কূটনীতিকগৰাকীয়ে৷

You might also like