সম্পাদকীয় : বিদুৰভাই
শেহতীয়াভাৱে প্রায় নিয়মীয়াভাৱে অসমীয়া ছবিয়ে চিনেমাগৃহত মুক্তিলাভ কৰিছে৷ ইয়াৰে দুই–এখনে দর্শকৰ সঁহাৰি লাভ কৰিলেও অধিকাংশ চলচ্চিত্র ৰাইজৰ অজ্ঞাতেই ছবিগৃহৰ পৰা বিদায় লৈছে৷ দুই–এখন বিগ বাজেটৰ ছবিয়ে তীব্র প্রচাৰৰ যোগেদি কিছু পৰিমাণে ব্যৱসায় কৰিছে৷ কিন্তু চলিত জুলাই মাহৰ মাজভাগত মুক্তিলাভ কৰা ‘বিদুৰভাই’ নামৰ ছবিখনে অসমীয়া দর্শকৰ ব্যাপক সঁহাৰি লাভ কৰা দেখা গৈছে৷ বিগত প্রায় দুটা সপ্তাহ অসমৰ সকলো ছবিগৃহলৈ এইখন ছবিয়ে দর্শকক আকর্ষিত কৰিছে৷ কোনোধৰণৰ বিশেষ প্রচাৰ নকৰাকৈয়ে ‘বিদুৰভাই’ ছবিখনে ছবিগৃহলৈ দর্শকক যেন কিবা যাদুকৰী প্রক্রিয়াৰে টানি আনিছে৷ ছবিখনত নাই কোনো নামজ্বলা অভিনেতা–ভিনেত্রীও৷ এখন জনপ্রিয় ৱেব ছিৰিজৰ জৰিয়তে বিদুৰভায়ে অসমৰ প্রতিটো পৰিয়ালৰ ঘৰে ঘৰে প্রৱেশ কৰিছিল৷ এই ৱেব ছিৰিজখনকে সুদক্ষ পৰিচালক সুব্রত কাকতিয়ে ডাঙৰ পর্দালৈ ঠেলি দিছে৷ ছিৰিজৰ কাহিনী য’ত সমাপ্ত হৈছে ঠিক তাৰ পৰাই আৰম্ভ হৈছে ‘বিদুৰভাই’ ছবিৰ কাহিনী৷ প্রকৃততে ছবিখনৰ কাহিনীভাগে বর্তমান সমাজখনৰ যুৱশক্তিৰ যি সংগ্রাম, তাকেই জীৱন্ত ৰূপত প্রকাশ কৰিছে৷ ছবিখনৰ মুখ্য চৰিত্র বলীন, উজ্জ্বল, নিতু আৰু ত্রৈলোক্য যে সাম্প্রতিক সমাজখনৰ একো একোজন বিদুৰ৷ যিসকলে জীৱনত সফলতা অর্জনৰ বাবে অহৰহ সংগ্রাম কৰাৰ পিছতো বাৰে বাৰে ব্যর্থ হ’বলগীয়া হৈছে৷ পৰিচালক সুব্রত কাকতিয়ে ছবিখনৰ কাহিনীভাগক সফল পৰিণতি দিবলৈ এনে পৰিস্থিতিৰ মাজেৰে আগুৱাই নিছে, যি হাস্যমধুৰ হ’লেও হূদয়বিদাৰক লগতে প্রেমময়৷ চৰিত্রবোৰৰ আৱেগ–নুভূতি আৰু জীৱন যুঁজে বর্তমান সমাজৰ অসংখ্য দিশ মূর্ত কৰি তুলিছে৷ ছবিখনৰ যোগেদি আজিৰ সমাজৰ প্রতিগৰাকী ব্যক্তিয়ে বর্তমান সময়ৰ বিভিন্ন দিশ পর্যবেক্ষণ কৰাৰ সুযোগ পাইছে৷ আচলতে ৱেব ছিৰিজৰ জৰিয়তে বিদুৰভায়ে ৰাজ্যৰ প্রতিটো প্রান্তত ব্যাপক জনপ্রিয়তা অর্জন কৰিছিল৷ প্রতিগৰাকী মানুহেই জীৱন সংগ্রামত হাবুডুবু খাবলগীয়া হৈছে৷ এইসকল ব্যক্তিয়ে বিদুৰভাই উপভোগ কৰিবলৈ গৈ এক নির্মল হাস্যৰসৰ মাজেদি কিছুসময় অতিবাহিত কৰিব পাৰিছে৷ চৰিত্রসমূহে তেওঁলোকৰ কর্মকাণ্ড, পৰিৱেশ আৰু সংলাপৰ মাজেদি হাস্যৰস পৰিস্ফুট কৰি তুলিছে যদিও তেওঁলোক নিজৰ মাজতে একো একোজন ট্রেজিক নায়ক৷
বিদুৰভাই নিঃসন্দেহে এখন উচ্চ পর্যায়ৰ কমেডী৷ ছবিৰ কাহিনীভাগত কমেডীৰে প্রায়বোৰ বৈশিষ্ট্য সুন্দৰ ৰূপত প্রতিফলিত হৈছে৷ ইতিমধ্যে মুক্তিলাভ কৰা বহুকেইখন কমেডী চলচ্চিত্রই এই বৈশিষ্ট্যবোৰ ধৰি ৰাখিব নোৱাৰা বাবেই সেই ছবিসমূহ বিফল হৈছে৷ পৰিচালক সুব্রত কাকতিৰ দক্ষতা এয়াই যে ৱেব ছিৰিজ আৰু চলচ্চিত্রৰ মাজত বৃহৎ পার্থক্য আছে৷ তেনে ক্ষেত্রত এখন ৱেব ছিৰিজক চলচ্চিত্র ৰূপ দিয়া বৰ সহজসাধ্য নহয়৷ কাৰণ চলচ্চিত্র আৰু ছিৰিজৰ মাধ্যম দুয়োটা সম্পূর্ণ পৃথক৷ ঘৰতে বহি ম’বাইলযোগে ৱেব ছিৰিজত ছবি উপভোগ কৰা দর্শকসকলক ছবিগৃহলৈ আহিবলৈ বাধ্য কৰোৱাটো পৰিচালকগৰাকীৰ এক অভূতপূর্ব কৃতিত্ব৷ ইয়াৰ লগতে আছে ছবিখনৰ কাহিনী, চৰিত্রসমূহৰ সাৱলীল অভিনয়ৰ উপৰি আনুষংগিক সকলো পৰিৱেশ৷ ইতিপূর্বে বিদুৰভাই ছিৰিজ উপভোগ নকৰা দর্শকসকলৰ বাবে অভিনেতা–ভিনেত্রীসক একেবাৰে নতুন আৰু তেওঁলোকৰ বিষয়ে সম্পূর্ণৰূপে অজ্ঞ৷ কিন্তু প্রতিগৰাকী অভিনেতা–অভিনেত্রীৰ স্বাভাৱিক অভিনয়ে তেওঁলোকৰ মন–প্রাণ স্পর্শ কৰি গৈছে৷ প্রত্যেকেই নিজৰ নিজৰ চৰিত্রত দুর্দান্ত অভিনয় কৰিছে৷ তেওঁলোকৰ অভিনয় দক্ষতাৰ বাবেই ছবিখনে প্রাণময়তা লাভ কৰিবলৈ সক্ষম হৈছে৷ ছবিখনৰ প্রচাৰ হৈছে মানুহৰ মুখে মুখে, যিসকলে ছবিখন উপভোগ কৰিছে তেওঁলোকে নিজৰ সন্তুষ্টিৰ বিষয়ে আন ১০জনৰ আগত প্রকাশ কৰাৰ লগে লগে তেওঁলোকেও চলচ্চিত্রগৃহলৈ আহিছে যাৰ বাবে বিগত দুটা সপ্তাহ ধৰি ‘বিদুৰভাই’ উপভোগ কৰিবলৈ গাঁৱে–ভূঞে, চহৰে–নগৰে চলচ্চিত্রগৃহলৈ দর্শকৰ সোঁত বৈছে৷ তুলনামূলকভাৱে কম বাজেটেৰে এনে এখন সুন্দৰ ছবি উপহাৰ দিবলৈ সক্ষম হোৱা বাবে পৰিচালকগৰাকী প্রশংসাৰ যোগ্য আৰু চলচ্চিত্রখনৰ ব্যৱসায়িক সফলতাই অসমীয়া বাণিজ্যিক ছবিলৈ আৰু সামগ্রিকভাৱে চলচ্চিত্র উদ্যোগলৈ এক সুখবৰ কঢ়িয়াই আনিছে৷