১০ আগষ্টলৈ ৰাজ্যত প্রবল বৃষ্টিপাতৰ আগজাননী বতৰ বিজ্ঞানৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ আগষ্টঃ মহানগৰী গুৱাহাটীত কালি নিশা মুষলধাৰ বৰষুণে মুহূর্ততে চৌদিশে ভয়ংকৰ বানৰ সৃষ্টি কৰাৰ পিছত এতিয়াও আতৰা নাই আশংকা৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রৰ তথ্য মতে অহা ১০ আগষ্টলৈকে ৰাজ্যৰ বিভিন্ন প্রান্তত প্রৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে৷ কেন্দ্রই এক বিবৃতিযোগে সদৰী কৰামতে আজি নিশাৰে পৰা অহা ১০ আগষ্টলৈকে ৭–১১ চেণ্টিমিটাৰ পৰিমাণৰ বৃষ্টিপাতে ৰাজ্যত পুনৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে৷ কেন্দ্রৰ তথ্য মতে ৭ আগষ্টত যোৰহাট আৰু মাজুলী জিলাত প্রৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা থকাৰ লগতে ৮ আগষ্টত ধুবুৰী আৰু বঙাইগাঁও জিলা, ৯ আগষ্টত কার্বি আংলং আৰু শোণিতপুৰ জিলাত, ১০ আগষ্টত কোকৰাঝাৰ আৰু চিৰাং জিলাত ভয়ংকৰ বৰষুণ অহাৰ সম্ভাৱনা আছে৷ গুৱাহাটী মহানগৰীৰ ক্ষেত্রতো হালধীয়া এলার্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্রই৷ আজি নিশাৰ ভাগৰ পৰা কাইলৈ দিনজুৰি ৭–১১ ছেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্রই সতর্কবাণী দিছে৷ যাৰ পৰিপ্রেক্ষিতত গুৱাহাটীৰ বিভিন্ন স্থানত কৃত্রিম বানৰ সৃষ্টি হোৱাৰ লগতে ঠায়ে ঠায়ে ভয়ংকৰ যানজঁট সংঘটিত হোৱাৰো সম্ভাৱনা আছে বুলি কেন্দ্রই সতর্কবাণী প্রেৰণ কৰিছে৷ আনহাতে কালি ভয়ংকৰ বৰষুণজাক মাথো দুঘণ্টাৰ বাবেহে আহিছিল যদিও জলসম্পদ বিভাগৰ গুৱাহাটী মেকানিকেল শাখাৰ তথ্য মতে খানাপাৰাত অভিলেখ সংখ্যক ১৩২ মিলিমিটাৰ বৰষুণ আহিছিল৷ একেদৰে চানমাৰিত এই পৰিমাণ আছিল ১০৯.৯৮ মিলিমিটাৰ৷ একেদৰে শৰণীয়াৰ গান্ধী মণ্ডপত ৭৬ মিলিমিটাৰ, পাণ্ডুত ৮৫.০৯ মিলিমিটাৰ বৰষুণ কালি আহিছিল বুলি বিভাগীয় তথ্যত প্রকাশ৷ যাৰ বাবে গুৱাহাটী মহানগৰী এক প্রকাৰ মহাসাগৰলৈ পৰিণত হৈছিল৷ মহানগৰীৰ বাসিন্দাসকলে বান সৃষ্টি পৰিৱেশৰ বাবে ৰাজপথতে কেইবাঘণ্টাজুৰি অসহায়ভাৱে আবদ্ধ হৈ থকাৰ লগতে নিজ গৃহতে জলবন্দী হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল৷