বিজেপিৰ বাবে অশোক শৰ্মা ধূলিকনাহে মাত্ৰ
🎯 নলবাৰীত অশোক শৰ্মাৰ বিৰুদ্ধে বিজেপি কৰ্মীৰ সংবাদ মেল
🎯বহুমুখীৰ মাটি দখলৰ লগতে বিস্কুট ভেটাৰ ভূমিও দখলৰ অভিযোগ
বিশেষ বাৰ্তা, ৯ আগষ্ট : নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই আজি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰাৰ লগে লগেই নলবাৰী সমষ্টিৰ একাংশ বিজেপি কৰ্মীয়ে তেওঁলোকৰ এসময়ৰ নেতাগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰিল। সংবাদ মাধ্যমৰ সন্মুখত বিজেপিৰ কেইজনমান কৰ্মীয়ে আজি অশোক শৰ্মাক দুৰ্নীতিকাৰী আখ্যা দি অশোক শৰ্মাৰ বিৰুদ্ধে মাটি দখল কৰাৰ অভিযোগ আছে বুলি অভিযোগ উত্থাপন কৰে। ইপিনে, অশোক শৰ্মাই দলৰ হকে ভোট দিছিল নে নিজৰ হকে দিছিল সেৱা সন্দেহ প্ৰকাশ কৰি বিজেপিৰ কৰ্মীকেইজনে অশোক শৰ্মাই আজি যি পৰিবেশ কৰিছে তাৰ বাবে তেওঁ নিজেই জগৰীয়া বুলি অভিহিত কৰে। বিজেপি কৰ্মীকেইজনে দলৰ আদৰ্শৰ প্ৰতি অশোক শৰ্মাৰ নিষ্ঠা নাই বুলিও মন্তব্য কৰে। অশোক শৰ্মাৰ লগত দলৰ আদৰ্শ বাদ দি কোনো কৰ্মী নাযায় বুলি দাবী কৰি বিজেপি কৰ্মীকেইজনে কয়- আমি ব্যক্তিৰ পিছত নাযাওঁ আমি দল কৰিছোঁ। বিজেপিৰ বাবে অশোক শৰ্মা ধূলিকণা। অশোক শৰ্মাই নিজৰ স্বাৰ্থৰ কাৰণে লাগি আছে। অশোক শৰ্মাই নিজে জ্যেষ্ঠজনক চকী দিয়া নাছিল বুলি মন্তব্য কৰি বালিলৈ যিপাত সুগ্ৰীৱলৈও সেইপাত বুলিও মন্তব্য কৰে বিজেপিৰ কৰ্মীকেইজনে। অশোক শৰ্মাই চৰকাৰী মাটি দখল কৰি আছে বুলি আন এক অভিযোগ তুলি কৰ্মীকেইজনে আজি অশোক শৰ্মাৰ ভূমি সাংবাদিকক পৰিদৰ্শন কৰায়। ইপিনে, বহুমুখীৰ মাটি দখল কৰাৰ লগতে বিস্কুট ভেটাৰ মাটি দখল কৰিছে বুলিও অভিযোগ তোলে। অশোক শৰ্মাৰ দৰে দুৰ্নীতিগ্ৰস্ত লোকক বিজেপিয়ে নিবিচাৰে বুলিও আজি অশোক শৰ্মাই দলত্যাগ কৰাৰ পাছতেই তেওঁৰ একালৰ কৰ্মীকেইজনে তেওঁলোকৰ প্ৰাক্তন বিধায়কজনৰ বিৰুদ্ধে দিয়া আজিৰ এনে কেতবোৰ মন্তব্যক লৈ বিশেষ তাৎপৰ্য বহন কৰিছে।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন