নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ অসম বিশ্ববিদ্যালয়ৰ  অধ্যাপক

নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট : ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ অসম বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক। তেওঁৰ নাম বিশ্বজিৎ দাস। বিশ্বজিৎ দাস আইন বিভাগৰ সহকাৰী অধ্যাপক। যোৱা সোমবাৰ পৰীক্ষাৰ পাছত এগৰাকী ছাত্ৰীক নিজৰ কক্ষত মাতি আনি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ চেষ্টা চলাইছিলে অধ্যাপক বিশ্বজিৎ দাসে। মঙলবাৰে ছাত্ৰীগৰাকীয়ে অধ্যাপকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। আজি পুৱাৰ পৰা অধ্যাপকৰ গ্ৰেপ্তাৰৰ দাবীত অসম বিশ্ববিদ্যালয় ছাত্ৰ সংসদৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীয়ে বিক্ষোভ প্ৰদৰ্শন কৰে। তেওঁলোকে শীঘ্ৰে অভিযুক্ত অধ্যাপকক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে। পাছত আৰক্ষী উপস্থিত হৈ অধ্যাপক বিশ্বজিৎ দাসক গ্ৰেপ্তাৰ কৰে।
প্ৰেৰক গৌতম তালুকদাৰ
You might also like