নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রিটেইনত ভাৰতৰ ৩.৫ নিযুত ইডি পিল জব্দ

অবৈধ ঔষধ প্রদানঃ আমেৰিকাত ভাৰতীয় মূলৰ চিকিৎসকক ২০ বছৰ কাৰাবাস

নিয়মীয়া বাৰ্তা, ৬ মার্চঃ ব্রিটেইনৰ ঔষধ নিয়ন্ত্রক বিভাগে ২০১৯ চনত ৩.৫ নিযুত ইৰিকটাইল ডিছফাংচন (ইডি) পিল জব্দ কৰিছে ৷ এই বৃহৎ পিলখিনি ভাৰতৰ পৰা ব্রিটেইনৰ ৰোগীৰ বাবে ৰপ্তানি কৰা হৈছিল ৷ এই নকল পিলসমূহৰ মূল্য ১০ নিযুত ডলাৰতকৈও অধিক হ’ব বুলি জানিব পৰা গৈছে ৷ ব্রিটেইনৰ মেডিচিন্ছ এণ্ড হেলথকেয়াৰ ৰেগুলেটৰী এজেন্সীয়ে বুধবাৰে জনোৱা মতে, এই বৃহৎ সংখ্যক পিলসমূহৰ ৯৬ শতাংশই ভাৰতৰ পৰা ৰপ্তানি কৰা ৷ ইয়াৰে ১.৫ শতাংশ চীনৰ আৰু আন এক শতাংশ বিভিন্ন দেশৰ৷ এম এইচ আৰ এয়ে জনোৱা মতে ব্রিটেইনৰ ২১ শতাংশ লোক ইৰিকটাইল জাতীয় ৰোগত আক্রান্ত হয়৷ অর্থাৎ ৪.৩ নিযুত ব্যক্তি৷ সংস্থাটোৱে আৰু কয় যে ৪৪ শতাংশ লোকে কোনো ধৰণৰ চিকিৎসা পৰামর্শ গ্রহণ নকৰাকৈ অনলাইন যোগে এনে ধৰণৰ নকল ঔষধৰ অর্ডাৰ দিয়ে৷ উল্লেখ্য যে এম এইচ আৰ এয়ে এনে ধৰণৰ অনুজ্ঞাপত্রবিহীন ব্যৱসায়ী কৰা অনলাইন ছাইটসমূহ নিষিদ্ধ কৰি দিছে৷ ইফালে, আমেৰিকাত এজন ভাৰতীয় মূলৰ চিকিৎসকে অবৈধ ঔষধ ৰোগীক প্রদান কৰাৰ অভিযোগত ২০ বছৰ কাৰাবাস খাটিলগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷ গুৰপ্রীত সিং বাজৱা নামৰ ৪৯ বছৰীয়া চিকিৎসকজনে ৬জনকৈ ৰোগীক এনে অবৈধ ঔষধৰ পৰামর্শ দিছিল৷ ইয়াৰে এজন ৰোগী এনে ঔষধ সেৱন কৰি মৃত্যুবৰণ কৰে৷ যাৰ ফলত ভার্জিনিয়াত কর্মৰত এই চিকিৎসকজনে পৰৱর্তী সময়ত চিকিৎসা অনুজ্ঞাপত্র হেৰুওৱাৰ লগতে আইনী যুঁজৰ সন্মুখীন হৈ ২০ বছৰ কাৰাবাস খাটিবলগীয়া হৈছে৷

You might also like