জনসংখ্যা নিয়ন্ত্রণত গুৰুত্ব দিয়া নাই ভাৰতে
নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ আগষ্টঃ দেশত বৃদ্ধি হৈ থকা জনসংখ্যা উন্নতিৰ পথত অন্যতম বৃহৎ প্রত্যাহ্বান৷ অথচ জৰুৰী অৱস্থাৰ পাছত জনসংখ্যা নিয়ন্ত্রণৰ ক্ষেত্রত গুৰুত্বই দিয়া হোৱা নাই৷ শেহতীয়াকৈ উত্তৰ প্রদেশৰ প্রয়াগৰাজত এক অনুষ্ঠানত ভাষণ দিয়াৰ সময়ত এই কথা জনালে ইনফ’ছিছৰ মুৰব্বী নাৰায়ণ মূর্তিয়ে৷ নাৰায়ণ মূর্তিয়ে দাবী কৰে যে এই সমস্যাই ভৱিষ্যতে বাসস্থান আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্রত বৃহৎ প্রত্যাহ্বান সৃষ্টি কৰিব৷ প্রয়াগৰাজৰ মতিলাল নেহৰু নেচনেল ইনষ্টিটউট অৱ টেকন’লজীৰ সমাৱর্তন অনুষ্ঠানত উপস্থিত হৈ ইনফ’ছিছৰ মুৰব্বীগৰাকীয়ে কয় যে ভৱিষ্যতে দেশৰ অগ্রগতিৰ ক্ষেত্রত প্রধান সমস্যাৰ সৃষ্টি কৰিব জনসংখ্যাই৷ কাৰণ আমেৰিকা, ব্রাজিল, চীনৰ দৰে দেশৰ তুলনাত ভাৰতৰ আছে কম ভূমি৷ অথচ জনসংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাই আছে৷ সাম্প্রতিক পৰিস্থিতত নাৰায়ণ মূর্তিৰ এই বক্তব্য অতি তাৎপর্যপূর্ণ বুলি বিভিন্ন মহলে দাবী কৰিছে৷