পিতৃৰ অত্যাচাৰ সহিব নোৱাৰি ঘৰৰ পৰা পলাই গ’ল কন্যা
এখন হোটেলত কান্দি কান্দি বহি থকা অৱস্থাত উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ৬মাৰ্চঃ ৰাজ্যত সঘনে সংঘটিত হয় নাৰী নিৰ্যাতনৰ ঘটনা। পিতৃৰ হাততো ধৰ্ষিতা হয় কন্যা। দুলীয়াজানৰ কছাৰী পথাৰত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। দৈনিক সুৰাপান কৰি মাতৃহাৰা দুই কন্যাক অত্যাচাৰ চলাই আহিছিল কুনাল ভূমিজ নামৰ লোকজনে।দীৰ্ঘদিনে পিতৃৰ অত্যাচাৰ নীৰৱে সহি আহিছিল দুই নাবালিকাই। মাতৃহাৰা দুই কিশোৰীৰ দুখ বুজিবলৈ কাষত নাছিল পৰিয়ালৰ আনলোক।
পিতৃৰ চৰ-ভুকু সহিব নোৱাৰি বৃহস্পতিবাৰে ঘৰৰ পৰা পলায়ন কৰে দুই নাবালিকাই । কিন্তু অৱশেষত সাংবাদিক আৰু আৰক্ষীৰ যুটীয়া অভিযানত নাহৰকটীয়াৰ বাঁহধাৰীৰ এখন লাইন হোটেলৰ পৰা কান্দি থকা অৱস্থাত দুই গৰাকী নাবালিকাক উদ্ধাৰ কৰে আৰক্ষীয়ে। মোমায়েকৰ ঘৰ বিচাৰি অহা বুলি আৰক্ষীক জনাইছে দুৰ্ভগীয়া ছোৱালী দুগৰাকীয়ে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে এগৰাকীৰ বয়স প্ৰায় ১১ বছৰ আৰু আনগৰাকীৰ বয়স প্ৰায় ৮ বছৰ।