ডি বি ষ্টক কনচালটেঞ্চীত ৰঙিয়াৰ ১০০০ লোকৰ প্ৰায় ১০০ কোটি বিনিয়োগ
নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট : ৰাজ্য কঁপোৱা ডি বি ষ্টক ব্ৰকিং কেলেংকাৰিক লৈ এতিয়া চৌদিশে হাহাকাৰ। জমা থোৱা ধন হেৰুৱাৰ আশংকাত চিন্তিত হৈ পৰিছে বিনিয়োগকাৰী। ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে ৰঙিয়াতেই আছে এহেজাৰৰো অধিক বিনিয়োগকাৰী। ৰঙিয়াত বিনিয়োগ হোৱা ধনৰ পৰিমাণ প্ৰায় এশ কোটি বুলি এক সূত্ৰই প্ৰকাশ কৰে। আজি বিবি ব্ৰেকিঙৰ জমা ধন বিচাৰি উৱাদিহ নোপোৱা বিনিয়োগকাৰীৰ একাংশই ৰঙিয়া থানা ভিৰ কৰে। উক্ত বিনিয়োগকাৰীৰ কোনোবাই যদি লাখ টকা আকৌ কোনোবাই কোটি টকা বিনিয়োগ কৰিছিল ডিবি ষ্টকত। আজি লক্ষাধিক টকা বিনিয়োগ কৰা লোক থানালৈ জমা ধনৰ খবৰ বিচাৰি আহে। ইতিমধ্যে ৰঙিয়া থানাত ৰঙিয়াৰ গৰকাৰ জিতু কলিতাই এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। এজাহাৰকাৰীজনক ৰঙিয়া থানাত সংগ দিয়ে প্ৰায় অৰ্ধশতাধিক বিনিয়োগকাৰীয়ে। মুঠৰ ওপৰত সহজতে অধিক ধন লভাৰ আশা পুহি ৰখা এইসকল বিনিয়োগকাৰীৰ এতিয়া পানীত হাঁহ নচৰাৰ অৱস্থা। ইফালে ৰঙিয়াত ৰাজনৈতিক নেতাৰ পৰা ব্যৱসায়ী, আত্মসমৰ্পণকাৰী আলফা, চৰকাৰী কৰ্মচাৰীসহ বিভিন্ন ক্ষেত্ৰৰ লোকে বিনিয়োগ কৰা ধনক লৈ ৰঙিয়াত চলিছে চৰ্চা। কিছুসংখ্যক লোকৰ বাহিৰে কেনেদৰে লাখ-কোটি টকা বিনিয়োগ কৰিব পাৰিলে সেয়াও গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে। ইমানবোৰ ধনৰ উৎস সন্দৰ্ভতো ৰাইজৰ মাজত ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে। একাংশৰ মতে এই বিনিয়োগকাৰীৰ ধনৰ উৎসৰ ওপৰত তদন্ত কৰিলে ওলাই পৰিব আচল ৰহস্য। উল্লেখযোগ্য যে বিনিয়োগকাৰীৰ ভিতৰত নিজৰ পৈতৃক ভেটি বিক্ৰী কৰি থোৱা বিনিয়োগকাৰীও আছে। আছে একাংশ ঘৰৰ আ অলংকাৰ বিক্ৰী কৰি ধন থোৱা লোকো। এইক্ষেত্ৰত ভুক্তভোগীয়ে উচিত তদন্ত কৰি উপযুক্ত ব্যৱস্থা লবলৈ আৰক্ষীক দাবী জনায়।
প্ৰেৰক ফাৰুক হুছেইন