নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ সমগ্ৰ বিশ্বতে বৰ্তমান ক’ৰোনা ভাইৰাছক লৈ আতংকিত হৈ পৰিছে। ক’ৰোনা ভাইৰাছক লৈ দেশজুৰী জাৰি কৰা হৈছে হেলৰ্থ এলাৰ্ট ৷এই ক’ৰণা ভাইৰাছক লৈ বিশেষ সতৰ্কতা অৱলম্বন কৰিছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ ভুটানেও। ইষ্টাৰ্ণ ভুটানৰ চামদ্ৰুপ ঝংখাৰত অৱলম্বন কৰা হৈছে বিশেষ সতৰ্কতা। ভাৰত-ভূটান সীমান্তৰ চামদ্ৰুপ ঝংখাৰৰ প্ৰৱেশ দ্বাৰত প্ৰতি গৰাকী ভাৰতীয় হওক বা ভুটানী হওক বা অন্য বিদেশী পৰ্য্যটক হওক, প্ৰতি গৰাকী লোকক চামদ্ৰুপ ঝংখাৰৰ প্ৰৱেশ দ্বাৰত এক বিশেষ গান সদৃশ যন্ত্ৰৰে পৰীক্ষা কৰা হৈছে। চামদ্ৰুপ ঝংখাৰৰ প্ৰৱেশ দ্বাৰত বিগত কিচুদিনৰ পৰা প্ৰতি দিনে ভূটানত প্ৰৱেশ কৰা প্ৰতি গৰাকী লোকক পৰীক্ষা কৰাৰ পিছতহে প্ৰৱেশ কৰিবলৈ দিয়া হৈছে ভূটান ৰাষ্ট্ৰৰ ভিতৰত।
You might also like