🔹 ঘটনাক লৈ তদন্ত চলাইছে আৰক্ষীয়ে
নিউজ ডেস্ক, ২৬ আগষ্ট : দিনৰ ব্যস্ততম সময়৷ পথেৰে চলি আছে বিৰামহীনভাৱে গাড়ী৷ পথচাৰীসকলে নিজৰ গন্তব্য স্থানলৈ যাত্রা কৰিছে৷ হঠাতে ৰাস্তাত ওলমাই থোৱা বিশাল ডিজিটেল বিজ্ঞাপন ব’ৰ্ডত নজৰ পৰিল বিভিন্নজনৰ৷ লগে লগে হতবাক হৈ পৰিল পথচাৰীসকল৷ যি বিলব’ৰ্ডত প্রতি মুহূর্ততে বিভিন্ন সংস্থাৰ বিজ্ঞাপন চলি থাকে, সেই ব’ৰ্ডত চলি আছে পর্নগ্রাফী ভিডিঅ’! মাত্র কেইছেকেণ্ডমানৰ ভিতৰতে এই ভিডিঅ’ক কেন্দ্র কৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ’ল দেশৰ ৰাজধানী দিল্লীত৷ ইচ্ছাকৃতভাৱে কোনোবাই এই ভিডিঅ’ মুকলি কৰি দিছিল নে কিবা কাৰিকৰী বিজুুতিৰ বাবে এনে কাণ্ড ঘটিল, তাক লৈ তদন্তত নামিছে আৰক্ষী৷ ঘটনাটো ঘটিছে দিল্লীৰ ব্যস্ততম অঞ্চল কনাট প্লেচত৷ যোৱা বৃহস্পতিবাৰে এই অঞ্চলটোৰ এইচ ব্লক ৰাস্তাত ওলমোৱা এখন বিলব’ৰ্ডত এই পর্নগ্রাফী ভিডিঅ’ দেখিবলৈ পোৱা গৈছিল৷ পথচাৰীসকলৰ নজৰলৈ অহাৰ লগে লগে স্থানীয় প্রশাসনক জনাই দিয়ে৷ ক্ষিপ্রতাৰে এই বিলব’ৰ্ডৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হয়৷ নতুন দিল্লী পৌৰ নিগম অঞ্চলত সংঘটিত এই ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ দেশৰ ৰাজধানীত কেনেদৰে এইধৰণৰ ঘটনা সংঘটিত হ’ব পাৰে, তাক লৈ বিভিন্ন মহলে প্রশ্ণ তুলিছে৷