নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এলিয়েনৰ দেহ–ভিন্ন গ্রহৰ যান গোপনে ৰাখিছে আমেৰিকাই!

🔹 পেণ্টাগনৰ প্রাক্তন চোৰাংচোৱাৰ বক্তব্যৰ প্রসংগৰে ইউএফঅ’ সন্ধানকাৰীৰ দাবী

নিউজ ডেস্ক, ২৬ আগষ্ট : এলিয়েন বা ভিন্ন গ্রহৰ প্রাণীক লৈ দীর্ঘদিন ধৰি পৃথিৱীত চলি আছে চর্চা৷ বিভিন্ন সময়ত এলিয়েন বা ভিন্ন গ্রহৰ প্রাণী তথা যান দেখা বুলি বহুতেই দাবী কৰি আহিছে যদিও প্রামাণিক তথ্য দিবলৈ সক্ষম হোৱা নাই৷ এইবাৰ আমেৰিকাৰ এগৰাকী প্রাক্তন চোৰাংচোৱাই দাবী কৰিছে যে মার্কিন চৰকাৰে এলিয়েনৰ দেশ আৰু অন্য গ্রহৰ যান লাভ কৰিছে৷ মার্কিন চৰকাৰৰ হাতত এলিয়েনৰ দেহ আৰু ভিন্ন গ্রহৰ যান থকা বুলি দাবী কৰিছে পেণ্টাগনৰ প্রাক্তন চোৰাংচোৱাগৰাকীয়ে৷ লক্ষণীয়ভাৱে বিভিন্ন সময়ত এলিয়েন বা ভিন্ন গ্রহৰ প্রাণীক অচিনাক্ত উৰন্ত সামগ্রী বা ইউএফঅ’ বুলি অভিহিত কৰি অহা হৈছে৷ পেণ্টাগনৰ প্রাক্তন চোৰাংচোৱাগৰাকীয়ে দাবী কৰে যে এলিয়েন আৰু ভিন্ন গ্রহৰ যানে পৃথিৱী ভ্রমণ কৰাই নহয়, মার্কিন চৰকাৰ ইয়াৰ উপস্থিতি সন্দর্ভত কেইবাদশক ধৰি সতর্ক হৈ আছে৷ চোৰাংচোৱাগৰাকীয়ে এই মন্তব্য কৰে যে আমেৰিকাই ইতিমধ্যে এনে প্রাণীৰ দেহ আৰু যান লাভ কৰিছে, যিবোৰৰ মূল আজিও অজ্ঞাত হৈ আছে৷ লক্ষণীয়ভাৱে ইউএফঅ’ৰ সন্ধানত থকা লুইছ এলিজন্দোৱে ডেইলী মেইলৰ সৈতে হোৱা সাক্ষাৎকাৰত ১৯৪৭ চনত ৰছৱেলৰ পৰা এখন অন্য গ্রহৰ যান উদ্ধাৰ হৈছিল বুলি দাবী কৰিছে৷ লুইছে দাবী কৰা অনুসৰি ইতিমধ্যে আমেৰিকাৰ এগৰাকী প্রাক্তন চোৰাংচোৱাই এলিয়েনৰ উপস্থিতি তথা ভিন্ন গ্রহৰ উপস্থিতিৰ কথা মার্কিন চৰকাৰে জানিবলৈ সক্ষম হৈছিল বুলি পূর্বতে সংবাদ মাধ্যমক জনায়৷ কিন্তু পূর্বে হোৱাইট হাউছে এলিয়েনৰ বিষয়টো এতিয়াও পৃথিৱীবাসীৰ বাবে কল্পনা মাথোন বুলি ঘোষণা কৰিছে৷

You might also like