ক’ৰণা ভাইৰাছৰ পৰা কিমান সুৰক্ষিত অসম?
গুৱাহাটী, যোৰহাট, মাজুলী ভ্ৰমণ কৰি ভূটানলৈ যোৱা পৰ্যটকৰ দেহত ক'ৰণা ভাইৰাছ
নিয়মীয়া বাৰ্তা, ৬মাৰ্চঃ গুৱাহাটী, যোৰহাট, মাজুলী ভ্ৰমণ কৰি ভূটানলৈ উৰা মৰা আমেৰিকান পৰ্যটকৰ শৰীৰত ক’ৰণা ভাইৰাছ।
ভূটানত ধৰা পৰিছে ক’ৰণা ভাইৰাছত আক্ৰান্ত প্ৰথমজন ৰোগী। কিন্তু আচৰ্যকৰ কথাটো হ’ল এই পৰ্যটকজনে অসম ভ্ৰমণ কৰি গৈছিল ভূটানলৈ। ভূটানৰ পাৰ’ বিমান বন্দৰত চিকিৎসকৰ দলে নিশ্চিত কৰে পৰ্যটকজন ক’ৰণা ভাইৰাছত আক্ৰান্ত।
উল্লেখ্য যে আমেৰিকাৰ পৰ্যটকজন কলকাতাৰ পৰা যোৰহাট ভ্ৰমণলৈ আহিছিল আৰু মাজুলীলৈ গৈ নদীপথৰে মহাবাহু ব্ৰহ্মপুত্ৰ জাহাজৰে আহিছিল গুৱাহাটীলৈ। যোৱা ১ মাৰ্চত গুৱাহাটীৰ ৰেডিশ্বন ব্লুত নিশা কটাই ২ মাৰ্চত বিমানৰে ভূটান ভ্ৰমণলৈ গৈছিল পৰ্যটকজন।জাহাজৰে ৭দিন ধৰি নদীপথৰে আহি গুৱাহাটীত উপস্থিত হৈছিল পৰ্যটকজন। আমেৰিকান পৰ্যটকজনৰ লগতে আছিল আন এগৰাকী মহিলা পৰ্যটক।
এতিয়া প্ৰশ্ন হয় ক’ৰণা ভাইৰাছৰ পৰা সুৰক্ষিতনে অসম? প্ৰায় এসপ্তাহ ধৰি অসমৰ বিভিন্ন ঠাই ঘূৰি ফুৰা পৰ্যটকজনৰ শৰীৰৰ পৰা অন্য কোনো লোকলৈ সংক্ৰমিত হৈছে নেকি এই ভাইৰাছ? গুৱাহাটী-যোৰহাট-মাজুলী কিমান সুৰক্ষিত ক’ৰণা ভাইৰাছৰ পৰা?এই ক্ষেত্ৰত অসম চৰকাৰে লোৱা ব্যৱস্থা কিমান গ্ৰহণযোগ্য তাকে লৈ এতিয়া সৃষ্টি হৈছে বহু প্ৰশ্নৰ