নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ কান্দুলীমাৰীত ভূমিকেন্দ্ৰিক সংঘাত : আহত পিতা-পুত্ৰ

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ : ৰূপহীহাটৰ কান্দুলীমাৰীত আজি পুৱাৰ ভাগত দুই ফৈদৰ মাজত ভূমিকেন্দ্ৰিক সংঘাতে ভয়ংকৰ ৰূপ লয়। চোকা অস্ত্ৰৰে আহত কৰিলে এগৰাকী শিক্ষক আৰু শিক্ষকৰ পুত্ৰক। দীৰ্ঘদিনৰ পৰা ৰুহুল আমিন চৌধুৰী আৰু মাইনুল হকৰ পৰিয়ালৰ মাজত চলি আহিছিল ভূমিকেন্দ্ৰিক সংঘাত। নিশা মাইনুল হকে গালি-গালাজ পাৰিছিল ৰুহুল আমিন চৌধুৰীক। পুৱা পিতা-পুত্ৰ বিদ্যালয়লৈ যোৱাৰ পথত আগভেটা দি মাইনুল হক, আইনুল হক আৰু বিল্লাল হুছেইন নামৰ তিনিজন লোকে ৰুহুল আমিন আৰু তেওঁৰ পুত্ৰ আৰিফুল হাচানক চোকা অস্ত্ৰৰে ঘপিয়াই গুৰুতৰভাৱে আহত কৰে। আহত পিতা-পুত্ৰক অতি সংকটজনক অৱস্থাত নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। ঘটনাক কেন্দ্ৰ কৰি এক চেপা উত্তেজনা বিৰাজ কৰিছে কান্দুলীমাৰীত। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like