নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেন্নাইত প্রথমখন টেষ্টত এক বিশেষ মাইলষ্ট’নত উপনীত বুমৰাহ

🔹 ভাৰতৰ দশমগৰাকী ক্রিকেটাৰ

নিউজ ডেস্ক, ২০ ছেপ্টেম্বৰ : চেন্নাইত চলি থকা ভাৰত–বাংলাদেশৰ শৃংখলাৰ প্রথমখন টেষ্টত এক বিশেষ মাইলষ্ট’নত উপনীত হৈছে বেগী বলাৰ যশপ্রীত বুমৰাহ৷ প্রথম ইনিংছত বুমৰাহে চাৰিটা উইকেট দখল কৰাৰ লগে লগে প্রৱেশ কৰিলে ৪০০ উইকেটৰ ক্লাবত৷ তেওঁ ভাৰতৰ দশমগৰাকী ক্রিকেটাৰ হিচাপে এই মাইলষ্ট’নত উপনীত হৈছে৷ বেগী বলাৰসকলৰ ভিতৰত এই সাফল্য অর্জন কৰা ষষ্ঠগৰাকী বলাৰ৷ ইয়াৰ পূর্বে আন্তর্জাতিক ক্রিকেটত ৪০০ বা ততোধিক উইকেট দখল কৰা ভাৰতীয় ক্রিকেটাৰসকল ক্রমে অনিল কুম্বলে (৯৫৩), ৰবিচন্দ্রন অশ্বিন (৭৪৪), হৰভজন সিং (৭০৭), কপিল দেৱ (৬৭৮), জাহিৰ খান (৫৯৭), ৰবীন্দ্র জাদেজা (৫৭০), জৱাগল শ্রীনাথ (৫৫১), মহম্মদ ছামি (৪৪৮), ঈশান্ত শর্মা (৪৩৪)৷ বুমৰাহে এহ পর্যন্ত ৭০টা টেষ্ট ইনিংছত ১৬৩টা, ১৪৯খন এদিনীয়াত ১৪৯টা আৰু ৬৯খন টি–২০ত ৮৯টা উইকেট অর্জন কৰিছে৷ উল্লেখ্য যে চেন্নাইৰ এমএ চিন্নাস্বামী ষ্টেডিয়ামত চলি থকা টেষ্টখনত ভাৰতে প্রথমে ৩৭৬ ৰান কৰে৷ ইয়াৰ পিছত বেটিং কৰিবলৈ আহি বাংলাদেশী দলটোৱে প্রথম ইনিংছত মাত্র ১৪৯ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়৷ বুমৰাহে ১১ অভাৰ বলিং কৰি এটা মেইডেনসহ ৫০ ৰানত ৪টা উইকেট লাভ কৰে৷

You might also like