আজিৰে পৰা বটদ্ৰৱাত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ
নিয়মীয়া বাৰ্তা, ৮মার্চঃ পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি বটদ্ৰৱাৰ শ্ৰী শ্ৰী ৱটদ্ৰৱা থানত আজিৰে পৰা ১২ মাৰ্চ পৰ্যন্ত ৫দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ দৌলযাত্রা মহোৎসৱ অনুষ্ঠিত হৈছে৷ এই উপলক্ষে শ্রীশ্রীবটদ্রৱা থান পৰিচালনা সমিতিয়ে যাৱতীয় সকলো প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷ এইবাৰৰ দৌলযাত্রা মহোৎসৱৰ কার্যসূচী অনুসৰি, আজি গন্ধ উৎসৱ৷ সেই অনুসৰি, পুৱা তাল কোবোৱা প্রসংগ, মঞ্জিৰা নাম, আইসকলৰ প্রসংগ, খোল প্রসংগ, দুপৰীয়াৰ নাম প্রসংগ, বিয়লি শূন্য পাঠ আৰু বিয়লি প্রসংগ, আইসকলৰ নাম–প্রসংগ, সন্ধিয়া প্রসংগ, তাল কোৱোৱা প্রসংগ, গুণমালা, ভটিমা প্রসংগ, খোল প্রসংগ, নাম–প্রসংগ কার্যসূচীৰ পাছত সন্ধিয়া ৭ বজাত গায়ন–বায়নৰ দ্বাৰা গোসাঁইক (শ্রীকৃষ্ণৰ মূর্তিভাগ) কীর্তন ঘৰৰ পৰা উলিয়াই আনি স্নানকার্য সম্পাদন কৰি ৰভাঘৰত স্থাপন, গায়ন–বায়নৰ দ্বাৰা ‘ৰাম ধেমালি’ পৰিৱেশন, গোসাঁইক গন্ধ তেলেৰে নোৱাই গন্ধকার্য সম্পাদন কৰা হ’ব৷