ডিমা হাছাও আমগুৰিত হ’ব ৭০ মেগাৱাট শক্তিসম্পন্ন প্ৰকল্প
সৌৰশক্তি প্ৰকল্পৰ চুক্তিত স্বাক্ষৰ মুখ্যমন্ত্ৰীৰ
নিয়মীয়া বাৰ্তা, ৮মার্চঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাগৃহত আয়োজিত এক অনুষ্ঠানত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ এলেকা আৰু আমগুৰি সৌৰ উদ্যানত ৭০ মেগাৱাট শক্তিসম্পন্ন দুটা সৌৰশক্তি প্রকল্প নির্মাণৰ বাবে চুক্তি স্বাক্ষৰিত হয়৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে এই ঐতিহাসিক চুক্তি স্বাক্ষৰৰ ফলত ৰাজ্যখনত সেউজ আৰু পৰিৱেশ অনুকূল শক্তি উৎপাদনৰ দিশত এক নতুন দিগন্তৰ সূচনা হ’ব৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে প্রতিঘৰ পৰিয়াললৈ বিদ্যুৎ যোগানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্রহণ কৰা পদক্ষেপৰ জৰিয়তে ৰাজ্যখনৰ ৬৮ লাখ পৰিয়ালক সামৰি লোৱাটো সম্ভৱ হৈ উঠিছে৷ দৰিদ্র শ্রেণীৰ জনসাধাৰণে যাতে মর্যাদাসহকাৰে জীৱন–যাপন কৰিব পাৰে সেই উদ্দেশ্যে ৰাজ্য চৰকাৰে অর্থনৈতিক উন্নয়ন আৰু সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে আৰু এইক্ষেত্রত শক্তিখণ্ডই জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নীতকৰণৰ ক্ষেত্রত বিশেষ অৰিহণা যোগাবলৈ সক্ষম হৈছে৷ এই অনুষ্ঠানত মুঠ তিনিখন চুক্তি স্বাক্ষৰিত হয়৷ সেয়া হৈছে ডিমা হাছাও জিলাত স্থাপন হ’বলগীয়া ৭০ মেগাৱাট শক্তিসম্পন্ন সৌৰশক্তি প্রকল্পৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল) আৰু উক্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদৰ মাজত শক্তি বিক্রী বিষয়ক চুক্তি, এপিডিচিএল আৰু জেকচন পাৱাৰ প্রাইভেট লিমিটেডৰ মাজত শক্তি ক্রয় বিষয়ক চুক্তি আৰু শিৱসাগৰ জিলাৰ আমগুৰিত স্থাপন হ’বলগীয়া ৭০ মেগাৱাট শক্তিসম্পন্ন সৌৰশক্তি প্রকল্পৰ বাবে এপিডিচিএল আৰু জেকচন পাৱাৰ প্রাইভেট লিমিটেডৰ মাজত ভূমি অধিগ্রহণ আৰু ৰূপায়ণ সহযোগিতা চুক্তি৷ ২০২০–২১ বর্ষৰ ৰাজ্যিক বাজেটত ঘোষিত ৩০ ইউনিটতকৈ কম বিদ্যুৎ ব্যৱহাৰ কৰা পৰিয়ালসমূহলৈ বিনামূলীয়া বিজুলী যোগানৰ দৰে পদক্ষেপে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস নীতিৰ উপযুক্ত প্রতিফলন ঘটাইছে বুলি মুখ্যমন্ত্রীগৰাকীয়ে কয়৷ মুখ্যমন্ত্রীয়ে ডিমা হাছাও আৰু আমগুৰিৰ ৰাইজক সৌৰশক্তি প্রকল্প দুটাৰ কাম–কাজত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়৷ ২০২১ চনৰ মার্চৰ ভিতৰতে এই প্রকল্প দুটা সাজু হৈ উঠিব বুলিও মুখ্যমন্ত্রীয়ে উল্লেখ কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰে জ্যেষ্ঠ নাগৰিক, যুৱক–যুৱতী, মহিলা, দিব্যাংগ আদিকে ধৰি সমাজৰ সকলো শ্রেণীৰ জনসাধাৰণৰ কল্যাণৰ বাবে বহুসংখ্যক আঁচনি গ্রহণ কৰি আহিছে৷ ৰাজ্যৰ সকলো সম্প্রদায়ৰ নিবনুৱা যুৱক–যুৱতীৰ আত্মসংস্থাপনৰ বাবেও বিত্তীয় সাহায্য আগবঢ়োৱা হ’ব বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে৷ তেওঁ লগতে কয় যে গ্রামাঞ্চলত উদ্যোগীকৰণৰ বিকাশৰ জৰিয়তে নিয়োগ সৃষ্টিৰ সুবিধা ত্বৰান্বিত কৰাৰ ক্ষেত্রত শক্তি খণ্ডই এক ইতিবাচক পৰিৱর্তন আনিব পাৰে৷ উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী বিষয়া দেৱোলাল গার্লোছায়ো ভাষণ প্রদান কৰা এই অনুষ্ঠানত মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালী, হাফলঙৰ বিধায়ক বি বি হাগজেৰ, মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, এপিডিচিএলৰ মুখ্য মহাপ্রবন্ধক উৎপল গোহাঁইকে ধৰি বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।