নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত ১৩ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড

🔹 ২৮ বছৰৰ মূৰত ন্যায় পালে দুৰ্ভগীয়া পৰিয়ালে

নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰ : বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান। ছাবেদ আলী, ময়নাল হক আৰু আছিৰ উদ্দিনৰ হত্যাকাৰীক বিহে যাৱজ্জীৱন কাৰাদণ্ড ।  সুদীৰ্ঘ ২৮ বছৰ পিছত ন্যায় পালে হত্যাৰ বলি হোৱা পৰিয়ালৰ লোকে।জানিব পৰা মতে, বিলাসীপাৰা থানাৰ বোৱালকামৰি প্ৰথম খণ্ড গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি ২০০১ চনত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড। ছাবেদ আলী, ময়নাল হক আৰু আছিৰ উদ্দিনক নৃশংসভাৱে হত্যা কৰাৰ লগতে ৯জন লোকক গুৰুতৰভাৱে আহত কৰিছিল। পৰিকল্পিতভাৱে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নৃশংসভাৱে হত্যা কৰা ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে বিলাসীপাৰা থানাত এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত ১৯০/১৯৯৬ নম্বৰত গোচৰ ৰজু কৰে। বিলাসীপাৰা মহকুমা আদালতত ছেছন কেছ নম্বৰ ১০৮/২০০১ মতে ন্যায়াধীশে শুনানি গ্ৰহণ কৰি আজি চূড়ান্ত ৰায় প্ৰদান কৰে। বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ ফাৰহানা ছুলতানাৰ বিচাৰপীঠে হত্যাকাণ্ডৰ অভিযুক্ত আব্বাছ আলী, আলী হুছেইন, আবু বক্কৰ ছিদ্দিক, ইউনুছ আলী, ইনছাফ আলী, নৌসাদ আলী, চহিদ আলী, গোলাপ নবী, হজৰত আলী, আলম শেখ, মোছলেম উদ্দিন, খয়বৰ আলী, ছাদেক আলীকে ধৰি মুঠ ১৩জনক ভাৰতীয় দণ্ডবিধিৰ ১৪৯/৩০২/৩২৬নং ধাৰাত যাৱজ্জীৱন কাৰাদণ্ড বিহে। হত্যাকাণ্ডটোত জড়িত আন চাৰিজন লোকৰ ইতিমধ্যে মৃত্যু হোৱাৰ লগতে আন দুজন নাবালক হোৱা বাবে ৰেহাই দিয়ে। এই ৰায়দানৰ পিছতে ২৮ বছৰ পিছত ন্যায় পোৱা দুৰ্ভগীয়া পৰিয়ালটোৱে সন্তুষ্টি প্ৰকাশ কৰিছে । উল্লেখ্য যে হত্যাকাণ্ডৰ গুচৰীয়া পক্ষৰ হৈ সবল যুক্তি দৰ্শায় চৰকাৰী অধিবক্তা আমিও কুমাৰ নাথে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like