বিশেষ লেখা : ভাৰতীয় চলচ্চিত্রৰ সমন্বিত শক্তি
অশ্বিনী বৈষ্ণৱ
চলচ্চিত্রৰ সমন্বিত শক্তিৰ মর্ম উপলব্ধিৰে চলচ্চিত্র নির্মাতা সত্যজিৎ ৰায়ে কৈছিল, ‘চিনেমাই এক সার্বজনীন ভাষা কয়৷’ বিশাল ভাষিক আৰু সাংস্কৃতিক বৈচিত্র্যৰে ভাৰতীয় চিনেমাই দেশৰ প্রতিটো কোণৰ জনসাধাৰণক একত্র কৰিছে৷ ইয়াৰ পৰিপ্রেক্ষিতত তেওঁলোকে উমৈহতীয়া আৱেগ অনুভৱ আৰু অভিজ্ঞতা লাভ কৰে৷ তামিল ড্রামাই হওক বা হিন্দী ব্লকবাষ্টাৰেই হওক বা মাৰাঠী ইণ্ডি ফিল্মেই হওক, চিনেমাই সকলোকে নিজৰেই কাহিনী বুলি আঁকোৱালি লোৱাৰ ভাৱনাক জগাই তোলে, বিভাজন দূৰ কৰে আৰু আমাক সোঁৱৰাই দিয়ে যে আমাৰ বৈচিত্র্যৰ মাজতো আমি এক৷
ভাৰতীয় চিনেমাৰ এই সার্বজনীনতা নিহিত হৈ আছে আঞ্চলিক আৰু ভাষিক সীমা অতিক্রমেৰে ইয়াক ৰাষ্ট্রীয় ঐক্যৰ এক সুদৃঢ় শক্তি হিচাপে গঢ়ি তোলাৰ ক্ষমতাৰ মাজত৷ সকলো ভাষাতে অনুৰণিত ৰাজ কাপুৰৰ ‘শ্রী ৪২০’ৰ দৰে ক্লাছিকৰ পৰা আৰম্ভ কৰি দেশজুৰি প্রশংসা লাভ কৰা মণিৰত্নমৰ ‘ৰোজা’লৈকে ভাৰতীয় ছবিসমূহে এটা আৱেগৰ ভাষা কয়, যাক সকলোৱে বুজি পায়৷ এম এছ সত্যুৰ ‘গৰম হাৱা’ আৰু বিমল ৰায়ৰ ‘দো বিঘা জমিন’ৰ দৰে ছবিয়ে আমাক সোঁৱৰাই দিয়ে যে সংগ্রাম, প্রেম আৰু বিজয়ৰ কাহিনীবোৰ দেশৰ সীমাৰ ভিতৰতে আবদ্ধ নহয়৷ ইয়াৰ দ্বাৰা প্রমাণিত হয় যে ভাৰতত চিনেমা সঁচাকৈয়ে এটা সমন্বিত শক্তি৷
প্রতিবছৰে ৰাষ্ট্রীয় চলচ্চিত্র বঁটাৰ জৰিয়তে চিনেমাৰ এই সার্বজনীনতাকেই উদযাপন কৰা হয়৷ এই অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্রপতিয়ে শ্রেষ্ঠ ছবি, শ্রেষ্ঠ পৰিচালক আৰু শ্রেষ্ঠ অভিনেতাক সন্মানিত কৰে৷ এয়া কোনো আশ্চর্যকৰ পৰিঘটনা নহয়, বৰঞ্চ ই আন অনুষ্ঠানসমূহৰ লেখীয়াই৷ এয়া প্রতিভাক স্বীকৃতি দিয়াৰ উপলক্ষ, য’ত ক্রিয়েটৰ, কাহিনীৰ ৰচক আৰু অভিনয়ৰ প্রতিভাক স্বীকৃতি দিয়া হয়৷ ইয়াৰ উপৰি ই ভাৰতৰ ভাষা আৰু উপভাষাৰ বহু–মহিমাময়, নানাৰঙী বৈচিত্র্যৰ প্রকাশ, যিয়ে একেলগে এই মহান ৰাষ্ট্রৰ ঐক্যৰ যাদুকৰী পৰিক্রমাৰ প্রতিফলন ঘটায় আৰু শ শ ভাষা তথা উপভাষাত কথা কোৱা প্রায় ডেৰ বিলিয়ন লোকক এক কৰি ৰাখে৷
তিৱা ভাষাত নির্মিত ছবি ‘চিকাহছাল’(If Only Trees Could Talk)য়ে ৰাষ্ট্রীয় চলচ্চিত্র বঁটাৰ স্বকীয়তাক প্রকট কৰি তুলিছে৷ শ্রেষ্ঠ ছবিসমূহৰ অন্যতম এই ছবিখন তিৱা ভাষাত নির্মাণ কৰা হৈছে৷ তিৱা লোকসকলে এই ভাষা কয়৷ তেওঁলোক হৈছে তিব্বত–বার্মিজ জনগোষ্ঠীৰ লোক৷ ভাৰতৰ উত্তৰ–পূব আৰু বাংলাদেশ তথা ম্যানমাৰত এনে লোকে বসবাস কৰে৷ ৭০সংখ্যক ৰাষ্ট্রীয় চলচ্চিত্র বঁটাৰ বাবে চৰকাৰে ফিছচাৰ ফিল্ম শিতানত ৩২টা ভিন্ন ভাষাৰ ৩০৯খন ছবি আৰু নন–ফিচাৰ শিতানত ১৭টা ভিন্ন ভাষাৰ ১২৮খন ছবি লাভ কৰিছিল৷ ফিচাৰ ফিল্ম শিতানত ভাৰতীয় চাৰিটা ভাষাৰ ছবিয়ে গ’ল্ডেন লটাছ বঁটা লাভ কৰে, ইয়াৰে এখন হাৰিয়ানৱী ভাষাৰ ছবি৷ এই শিতানত হিন্দী আৰু তামিল ভাষাৰ পাঁচখনকৈ ছবিয়ে ছিলভাৰ লটাছ বঁটা লাভৰ সমান্তৰালকৈ মালয়ালম, গুজৰাটী, কানাড়া, হাৰিয়ানৱী আৰু বাংলা ভাষাৰ ছবিয়েও এহ বঁটা লাভ কৰে৷ ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তর্ভুক্ত ভাষাসমূহত নির্মিত দহখন ছবিকো ছিলভাৰ লটাছ বঁটা প্রদান কৰা হয়৷ হিন্দী আৰু উর্দু ভাষাত মুক্তি পোৱা এখন ছবিয়ে শ্রেষ্ঠ নন–ফিচাৰ ফিল্ম শিতানত গ’ল্ডেন লটাছ বঁটা লাভ কৰিছে৷
ভিন্নভাষিক ৰাজ্যসমূহেৰে ভাৰতীয় গণৰাজ্য গঠনৰ প্রায় ৭৫ বছৰৰ পাছত দশক দশক ধৰি থকা অতীতৰ বাধাবোৰ বহুলাংশে নোহোৱা হৈ পৰিছে৷ বলীডডৰ ছবিয়ে যে হিন্দীক বহুলভাৱে গ্রহণযোগ্য কৰি তুলিছে, সেহ কথা অস্বীকাৰ কৰিব নোৱাৰি৷ কিন্তু, সেয়া ভাৰতীয় সমাজৰ ভিন্ন ধাৰাৰ ছবিৰ এটা বৃহৎ প্রভাৱ মাথোঁ৷ দ্বিতীয়টো বৃহৎ প্রভাৱ হৈছে ‘এক ভাৰত, শ্রেষ্ঠ ভাৰত’ৰ বৈচিত্র্যত গভীৰ, চিৰস্থায়ী ঐক্যবোধ গঢ়ি তোলা ‘অন্য’ ভাষিক গোট আৰু পৰিচয়ৰ প্রতি ৰাহজক সচেতন কৰা৷
ভাৰতীয় চিনেমাৰ প্রেক্ষাপটত ইয়াৰ মর্ম শ্লোগানতে সীমাবদ্ধ নহয়৷ ই ৰাজনীতি, সমাজ, সংস্কৃতি আৰু আমাক বান্ধি ৰখা নৈতিকতা আৰু নৈতিক প্রমূল্যবোধৰ সার্বজনীন বিশ্বাসৰ আধাৰত প্রতিভাসমূহক একত্রিতকৰণেৰে যাদুকৰী মনোৰঞ্জন সৃষ্টি কৰে৷ দৰাচলতে নৈতিকতা, প্রমূল্যবোধ আৰু আদর্শত আলোকপাত কৰা আৰু কেৱল ছবি নির্মাতা তথা দর্শকেহে বুজিব পৰা এই সার্বজনীন উপাদানসমূহৰ অবিহনে কোনো ভাৰতীয় চলচ্চিত্র নির্মাণ কৰা হোৱা নাই৷ এতিয়ালৈকে কোৱা দুটা মহান কাহিনী– ৰামায়ণ আৰু মহাভাৰতে এই কথাটো প্রমাণ কৰে৷
আমাৰ চিনেমাৰ আনটো সাধাৰণ ধাৰা হ’ল আমাৰ চলচ্চিত্র নির্মাতাসকলে সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বিভাজনৰ মূলতে থকা বিভাজনকাৰী চিহ্ণসমূহ মচি পেলায়৷ ভাৰতৰ কাহিনী কোৱাৰ কলাৰ অনন্য শক্তিও সেয়াই৷ কলাত্মক ছবিয়েই হওক, জনপ্রিয় ছবিয়েহ হওক, বাণিজ্যিক ছবিয়েই হওক বা মডার্ন ডে’ চেলেঞ্জাৰ, অ’টিটি ছবিয়েই হওক, আমি একেলগে আগবাঢ়োঁ, আমি একেলগে হাতচাপৰি বজাওঁ আৰু আমি একেলগে উদযাপন কৰোঁ৷ অস্কাৰ আৰু গ’ল্ডেন গ্ল’ব বিজয়ী তেলুগু মিডজিকেল ‘আৰআৰআৰ’ৰ গীত ‘নাটু নাটু’ কেৱল ভাৰততে নহয়, সমগ্র বিশ্বতে ভাষা, জাতি আৰু ৰাষ্ট্র নির্বিশেষে ছুপাৰহিট হিচাপে প্রতিপন্ন হয়৷
ভাৰতীয় চিনেমাক বিশ্বৰ মঞ্চত প্রতিষ্ঠা কৰিবলৈ চৰকাৰে তিনিটা মূল স্তম্ভত গুৰুত্ব আৰোপ কৰিছে–প্রতিভাৰ এক শক্তিশালী পাইপলাইন গঢ়ি তোলা, চলচ্চিত্র নির্মাতাসকলৰ বাবে আন্তঃগাঁথনিৰ বর্ধন আৰু কাহিনী লেখকসকলৰ সবলীকৰণৰ প্রক্রিয়াসমূহ সৰল কৰা৷ শেহতীয়াকৈ চৰকাৰে ভাৰতীয় ক্রিয়েটিভ প্রযুক্তি প্রতিষ্ঠান(IICT) স্থাপনৰ কথা ঘোষণা কৰিছে৷ ইয়ে সৃজনীশীলতাক লালন–পালনৰ প্রতি আমাৰ দায়বদ্ধতাক প্রতিফলিত কৰিছে আৰু ভাৰতীয় চিনেমাই চলচ্চিত্র নির্মাণ, অসীম অভিজ্ঞতা আৰু মনোৰঞ্জনৰ শেহতীয়া প্রযুক্তিৰাজিৰ অভিযোজনাৰে ৰাষ্ট্রীয় সংহতি আৰু বিশ্ব মনোৰঞ্জন উভয়তে এক সুদৃঢ় শক্তি হৈ থকাটো নিশ্চিত কৰিছে৷
আমি আগন্তুক দিনলৈ দৃষ্টি নিক্ষেপ কৰা মাত্রকে এক ভাৰত শ্রেষ্ঠ ভাৰতত চিনেমাৰ ভূমিকা অধিক তাৎপর্যপূর্ণ হৈ পৰে৷ এখন দ্রুত–বর্ধমান বিশ্বত ভাৰতীয় চিনেমাই উদ্ভাৱনীমূলক পন্থা গ্রহণ কৰি আহিছে আৰু ইয়াৰ সীমা সম্প্রসাৰিত কৰিছে৷ ইয়াৰ কাহিনীয়ে কেৱল আমাৰ বৈচিত্র্যক প্রতিফলিত কৰাই নহয়, বৰঞ্চ এক সহভাজিত ভৱিষ্যতৰো কল্পনা কৰে৷ প্রতিটো ফ্রেম আগবঢ়াৰ লগে লগে ভাৰতীয় চলচ্চিত্র নির্মাতাসকলে কাহিনী কোৱাৰ সীমাবদ্ধতাক অতিক্রমেৰে চিনেমা যে এখন সংযোজিত, আগলৈ–চোৱা ভাৰতত ঐক্য আৰু প্রগতিৰ এক শক্তিশালী অনুঘটক হৈয়েই আছে, সেয়া নিশ্চিত কৰে৷
কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ, ৰে’লৱে, ইলেক্ট’নিক্স আৰু তথ্য–প্রযুক্তি দপ্তৰৰ মন্ত্রী