নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ : ধুবুৰী চহৰৰ বিষ্ণু ট’কিজ গলিৰ ঊষা সংঘ সাৰ্বজনীন দুৰ্গাপূজা কমিটীৰ পূজাখন এইবেলি ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। পূজাখনৰ মূল মণ্ডপ শিৱসাগৰৰ ঐতিহ্যমণ্ডিত শিৱদৌলৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। “আমাৰ অসম” শীৰ্ষক থীমভিত্তিক এই পূজাখনৰ মূল প্ৰৱেশ পথৰ তোৰণখনৰ ওপৰত আছে অসমৰ আপুৰুগীয়া সম্পদ এশিঙীয়া গঁড়ৰ প্ৰতিকৃতি। কমল দাস আৰু পৰিমল সূত্ৰধৰৰ তত্ত্বাৱধানত নিৰ্মিত এই পূজাখনত অসমৰ কলা-সংস্কৃতি-ঐতিহ্য তুলি ধৰা হৈছে। উল্লেথ্য যে এই পূজাখনে এইবেলি ৫৭ বছৰ স্পৰ্শ কৰিছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী