বেলশৰ গ্ৰন্থমেলাত পাঁচ লক্ষাধিক টকাৰ গ্ৰন্থ বিক্ৰীৰে অভিলেখ
বিশেষ বাৰ্তা, ১৫ অক্টোবৰঃ সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশত উদযাপন হৈ অহা ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীবিল্বেশ্বৰ দেৱালয়ত প্ৰথমবাৰৰ বাবে বৌদ্ধিক, শৈক্ষিক, সাংস্কৃতিক পৰিৱেশৰে সমন্বয়ৰ সৃষ্টি হৈছে। এইবাৰৰ শাৰদীয় দুৰ্গোৎসৱত আয়োজন কৰা ‘প্ৰথম বাৰ্ষিক বেলশৰ গ্ৰন্থমেলা’ত গ্ৰন্থপ্ৰেমী ৰাইজৰ বিপুল সহাঁৰিয়ে সমগ্ৰ পূজাখনকেই অন্য এক মাত্ৰা প্ৰদান কৰিছে। প্ৰথম বাৰ্ষিক গ্ৰন্থমেলাই বেলশৰকে ধৰি বৃহত্তৰ আঞ্চলটোত বৌদ্ধিক বাতাবৰণৰ বিকাশত ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। গ্ৰন্থমেলা উদযাপন সমিতিৰ সম্পাদক অভিজিত মজুমদাৰে জানিবলৈ দিয়া মতে, অসম প্ৰকাশন পৰিষদ, ৰেখা প্ৰকাশন, সঞ্জীৱন প্ৰকাশন, প্ৰভা প্ৰকাশন, বিতৰ্ক প্ৰকাশন, নৱোদয় প্ৰকাশন, শৰ্মা প্ৰকাশন, পঞ্চতৰা কিতাপ ঘৰ, বনশ্ৰী বুক ষ্টলকে ধৰি প্ৰায় পোন্ধৰখন গ্ৰন্থ বিপনীয়ে গ্ৰন্থ বিক্ৰী প্ৰথমবাৰ এই অঞ্চলত এক অভিলেখ গঢ়া বুলি ক’লেও অত্যুক্তি কৰা নহৱ। ‘বেলশৰ গ্ৰন্থমেলা’খন ৩ অক্টোবৰৰ প্ৰতিপদৰ দিনা উদ্বোধন কৰা হৈছিল যদিও ৭ অক্টোবৰৰ পৰা গ্ৰন্থপ্ৰেমীৰ ভিৰ হয় আৰু গ্ৰন্থ বিক্ৰীৰ ক্ষেত্ৰত অগ্ৰগতি লয়। নৱমীৰ দিনা সৰ্বাধিক গ্ৰন্থ বিক্ৰী হয়। গ্ৰন্থমেলা উদ্বোধনৰ পিছতেই প্ৰথমকেইটা দিনত বতৰে বিধি পঠালি দিছিল আৰু গ্ৰন্থ বিপনীৰ বিক্ৰেতাসকলক দুচিন্তাত পেলাইছিল যদিও পৰৱৰ্তী সময়ত গ্ৰন্থই অন্য এক গতি লয়।গ্ৰন্থমেলাখনত উপস্থিত আছিল সাংবাদিক চৈয়দ জাৰিৰ হুছেইন, অচ্যুত পাটোৱাৰী, নাট্যকাৰ প্ৰশান্ত মেনা, কবি প্ৰণৱ কুমাৰ বৰ্মন, ড° বিজয় শংকৰ বৰ্মন, প্ৰীতিমা কৌশিক বৰুৱা ইত্যাদি। আনহাতে, গ্ৰামাঞ্চলৰ গ্ৰন্থপ্ৰেমীয়ে বিচৰা গ্ৰন্থ দিবলৈ বিপনীয়ে চেষ্টা কৰিছে।বেলশৰত পৰৱৰ্তীকালত গ্ৰন্থমেলাই আশাব্যঞ্জক দিশ উন্মোচন কৰিব বুলিও গ্ৰন্থৰ স্বত্বাধিকাৰী সকলে জানিবলৈ দিয়ে।ইপিনে,স্থানীয় গ্ৰন্থ বিপনীৰ স্বত্বাধিকাৰী প্ৰকাশ মেধিয়ে কয় যে প্ৰতিকুল বতৰৰ ফলত গ্ৰন্থমেলাত কিছু বিসংগতি হৈছিল। গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ উৎসাহ আছিল আশাব্যঞ্জক। চৈয়দ আব্দুল মালিক, নৱকান্ত বৰুৱা, হোমেন বৰগোহাঞি, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ড৹ ভূপেন হাজৰিকা, ড৹ নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচনাৱলী বিচৰাৰ লগতে নৱপ্ৰজন্মৰ সাহিত্যিকক বিচৰাটো গ্ৰন্থমেলাৰ অন্যতম দিশ আছিল। গ্ৰামাঞ্চলত গ্ৰন্থমেলাৰ প্ৰয়োজন আছে। বেলশৰত প্ৰথমবাৰৰ বাবে গ্ৰন্থমেলাৰ আয়োজন আৰু গ্ৰন্থপ্ৰেমীৰ উৎসাহ গ্ৰন্থমেলাৰ বাবে শুভলক্ষণ। ইপিনে, দুৰ্গোৎসৱত উদ্যাপন সমিটিৰ সভাপতি ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য্য আৰু সম্পাদক ৰূপক মহন্তৰ নেতৃত্বত আৰু পূজা পৰিচালনা কমিটিৰ সাহসিকতাৰ বাবে বেলশৰত গ্ৰন্থমেলা আয়োজনত বহুতৰ মাজত প্ৰশ্নবোধক বিষয় হৈ পৰিছিল। সেইদৰে আধুনিক বেলশৰ নিৰ্মাতা তথা প্ৰসিদ্ধ সাহিত্যিক, প্ৰবীন সাংবাদিক কনকসেন ডেকা আৰু বিশিষ্ট চিকিৎসক তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা: নৰেন্দ্ৰ নাথ বৰ্মনক ‘বেলশৰ ৰত্ন’ সন্মান প্ৰদান বিশেষভাৱে সম্বৰ্ধনা জনোৱা দিশটোও সাহসিকতা আৰু ঐতিহাসিক সিদ্ধান্ত আছিল বুলি ভক্তিপ্ৰাণ লোকে মন্তব্য কৰিছে।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন