নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইজৰাইল বনাম ৰাষ্ট্রসংঘ

মধ্যপ্রাচ্যৰ অশান্ত পৰিস্থিতিয়ে তৃতীয় বিশ্বযুদ্ধৰ আশংকা কঢ়িয়াই আনিছে৷ শেহতীয়া সংঘাতৰ মাজতে ইজৰাইলত ক্ষেপণাস্ত্রৰে আক্রমণ চলাইছিল ইৰানে৷ এই ঘটনাৰ নিন্দা নকৰাৰ বাবে ইজৰাইলে ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টনিঅ’ গুটেৰেছৰ প্রৱেশৰ ওপৰত জাৰি কৰে নিষেধাজ্ঞা৷ ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৱে ৰাষ্ট্রসংঘৰ সচিবপ্রধানগৰাকীৰ ইজৰাইলত প্রৱেশৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰাৰ লগে লগে বিশ্বজুৰি সৃষ্টি হয় প্রতিক্রিয়া৷ বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ মুৰব্বীগৰাকীৰ বিৰুদ্ধে ইজৰাইল চৰকাৰে এনে পদক্ষেপ গ্রহণ কৰা বিষয়টোত বিভিন্ন দেশে ক্ষোভ প্রকাশ কৰিছে৷ এই ঘটনাৰ তীব্র নিন্দা কৰি আৰু ৰাষ্ট্রসংঘৰ সচিবপ্রধানক সমর্থন জনাই মুকলি চিঠি প্রকাশ কৰিছে সমগ্র বিশ্বৰ ১০৪খন দেশে৷ কিন্তু লক্ষণীয়ভাৱে ভাৰতে এই মুকলি পত্রত স্বাক্ষৰ কৰা নাই৷ বিভিন্ন সময়ত ইজৰাইল–পেলেষ্টাইনৰ সংকটক লৈ ভাৰতৰ স্থিতিক সমালোচনা কৰি আহিছে বহু দেশে৷ ইজৰাইল ভাৰতৰ বন্ধু ৰাষ্ট্র৷ কিন্তু মধ্যপ্রাচ্যত নিৰীহ ৰক্তস্নানক লৈ ভাৰত মৌন বুলি বিভিন্ন দেশে সমালোচনা কৰি আহিছে৷ অৱশ্যে শেহতীয়াকৈ ৰাষ্ট্রসংঘৰ সচিবপ্রধানৰ সমর্থনত মুকলি পত্রত ভাৰতে স্বাক্ষৰ কৰা নাই যদিও লেবাননত ৰাষ্ট্রসংঘৰ শান্তিৰক্ষী বাহিনীৰ ওপৰত ইজৰাইলৰ আক্রমণৰ তীব্র নিন্দা কৰি বিবৃতি প্রকাশ কৰিছে নতুন দিল্লীৰ প্রশাসনে৷ ইৰান সমর্থিত লেবাননৰ সশস্ত্র সংগঠন হিজবুল্লাৰ মুৰব্বী হাছান নাছাৰাল্লাৰ মৃত্যুৰ প্রতিশোধ ল’বলৈ ইজৰাইলত প্রায় ৪০০ ক্ষেপণাস্ত্রৰে আক্রমণ চলাইছিল ইৰানে৷ ইয়াৰ পাছত যুদ্ধবিৰতি বিবৃতি দিলেও কঠোৰ ভাষাত এই ঘটনাক নিন্দা নকৰাৰ অভিযোগত ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টনিঅ’ গুটেৰেছৰ ইজৰাইলত প্রৱেশৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰে দেশখনৰ চৰকাৰে৷ অকল গুটেৰেছেই নহয়, এই ঘটনাৰ বিৰোধিতা নকৰা বিভিন্ন দেশৰ শীর্ষনেতা তথা নাগৰিকসকলৰ প্রৱেশতো নিষেধাজ্ঞা জাৰি কৰিছে ইজৰাইল চৰকাৰে৷ ইজৰাইলৰ এই পদক্ষেপক গৰিহণা দি বিশ্বৰ ১৬০খন দেশ তথা আফ্রিকান ইউনিয়নে মুকলি পত্র প্রকাশ কৰিছে৷ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ ১০খন সদস্য দেশে এই পত্রত স্বাক্ষৰ কৰিছে৷ কিন্তু আমেৰিকা, ব্রিটেইন, জাপান, দক্ষিণ কোৰিয়া আৰু ভাৰতে ইয়াত স্বাক্ষৰ কৰা নাই৷ এই বিষয়টোক লৈ সৃষ্টি হৈছে প্রতিক্রিয়া৷ আনকি দেশৰ অভ্যন্তৰত এনডিএ চৰকাৰক কঠোৰ সমালোচনা কৰিছে বিৰোধী কংগ্রেছ দলে৷ কংগ্রেছ নেতা জয়ৰাম ৰমেশ আৰু পি চিদাম্বৰমে মধ্যপ্রাচ্যত ইজৰাইল সন্দর্ভত ভাৰতৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছে মোদী চৰকাৰক৷

সংঘাত এনে পর্যায়লৈ গৈছে যে সমগ্র মধ্যপ্রাচ্যত এতিয়া কেৱল যুদ্ধৰ আশংকা ঘনীভূত হৈছে৷ হিজবুল্লা আৰু ইজৰাইলৰ মাজত চলি থকা সংঘাতৰ মাজতে য়েমেনৰ ইৰান সমর্থিত সশস্ত্র সংগঠন হুঠীয়ে সঘনে ইজৰাইলত ক্ষেপণাস্ত্রৰে আঘাত হানি আহিছে৷ ইফালে, গাজাত হামাছবিৰোধী যুদ্ধৰ নামত ইজৰাইলে ৰক্তপাত অব্যাহত ৰাখিছে৷ ইতিমধ্যে গাজাত শিশু–মহিলাসহ ৪২ সহস্রাধিক নিৰীহ পেলেষ্টাইনীৰ মৃত্যু হৈছে৷ এই হিংস্র যুদ্ধত চিৰজীৱনলৈ পংগু হৈছে কেইবালাখো লোক৷ ইয়াৰ মাজতে ইৰানৰ ইজৰাইলৰ ওপৰত চলোৱা ক্ষেপণাস্ত্র আৰু ৰকেট আক্রমণে পৰিস্থিতি অধিক শোচনীয় কৰি তুলিছে৷ লক্ষণীয়ভাৱে ইহুদী ৰাষ্ট্র ইজৰাইলক পূর্বৰে পৰা সমর্থন জনাই অহা আমেৰিকাই মধ্যপ্রাচ্যত এখন ভয়ংকৰ পূর্ণাংগ যুদ্ধৰ আশংকা কৰি অঞ্চলটোলৈ প্রেৰণ কৰিছে থাদ ক্ষেপণাস্ত্র৷ ইয়াৰ উপৰি বিধ্বংসী ক্ষেপণাস্ত্রৰ বিৰুদ্ধে সকলো ধৰণৰ অত্যাধুনিক অস্ত্র প্রয়োগ কৰিব বুলি হুংকাৰ দিছে আমেৰিকাই৷ অর্থাৎ ইৰান আৰু ইজৰাইলৰ মাজত যদি এখন পূর্ণাংগ যুদ্ধ আৰম্ভ হয়, তেন্তে আমেৰিকা তথা ইউৰোপীয় দেশসমূহে ইজৰাইলৰ সমর্থনত অস্ত্র প্রয়োগ কৰাৰ সম্ভাৱনা আছে৷ তেতিয়াই পৰিস্থিতি অধিক জটিল হৈ পৰিব৷ কাৰণ মধ্যপ্রাচ্যৰ প্রতিখন দেশতে আছে ইজৰাইলবিৰোধী সশস্ত্র সংগঠন৷ এই সংগঠনসমূহে সঘনে সহায় লাভ কৰি আহিছে ইৰানৰ পৰা৷ গতিকে, মধ্যপ্রাচ্যৰ আজিৰ পৰিস্থিতিয়ে ভয়াৱহ তৃতীয় বিশ্বযুদ্ধৰ আশংকাকেই কঢ়িয়াই আনিছে৷

You might also like