নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ অসম ভ্ৰমণ কৰি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এজন পৰ্যটক ভূটানলৈ যোৱাৰ পাচতেই ভূটানত ধৰা পৰিছিল ক’ৰোনা । এই পৰ্যটকগৰাকীৰ আক্ৰান্তৰ খবৰ লাভ কৰাৰ পাচতেই তেওঁ অসমৰ যিকেইটা অঞ্চললৈ গৈছিল অথবা যিসকল মানুহৰ সংস্পৰ্শলৈ আহিছিল সকলোৰে স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে ।
এইজন পৰ্যটকৰ সংস্পৰ্শলৈ অহা প্ৰায় চাৰিশ লোকৰ পৰীক্ষা কৰোৱাৰ পাচতেই কোনো লোকেই আক্ৰান্ত হোৱা নাই বুলি উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । টুইটাৰৰ জৰিয়তে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে এই কথা ।
Corona 3: So far, 5 tests done and all are negative. Even partner of American tourist is reported to be negative. Appeal to all in #Assam not to panic and observe all protocols including personal hygiene. With your cooperation, we will safely sail through these turbulent times.
— Himanta Biswa Sarma (@himantabiswa) March 8, 2020
ইফালে, ক’ৰোনা ভাইৰাছৰ ক্ষেত্ৰত অসম চৰকাৰে অধিক তৎপৰতাৰে গ্ৰহণ কৰিছে ব্যৱস্থা । বিমানবন্দৰ সমূহত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে জনসমাগম ৰোধ কৰাৰ বাবে বাতিল কৰিছে বিভিন্ন কাৰ্যসূচী ।