ক’ৰোনাৰ আতংকঃ কেলিফ’র্নিয়াৰ বীচ্চত আবদ্ধ ৪ হাজাৰ যাত্রীসহ জাহাজ
নিয়মীয়া বাৰ্তা ৯ মাৰ্চঃ চীনৰ ৱুহান প্রদেশৰ পৰা বিশ্বজুৰি বিস্তাৰ ঘটা মাৰাত্মক ক’ৰোনা ভাইৰাছে মহাসাগৰতো সৃষ্টি কৰিছে আতংক৷ কেইবাখন যাত্রীবাহী জাহাজ বিভিন্ন দেশৰ জলৰাশিত আছুতীয়াকৈ ৰখা হৈছে এই জাহাজবোৰৰ যাত্রী ক’ৰোনাত সংক্রমিত হোৱাৰ পিছত৷ শেহতীয়াকৈ কেলিফ’র্নিয়াৰ কার্নিভেল পেন’ৰামা নামৰ ক্রুইজ জাহাজখন আবদ্ধ হৈ পৰিছে লন বীচ্চত৷ এই জাহাজখনত আছে প্রায় ৪ হাজাৰগৰাকী যাত্রী৷ জাহাজখনৰ এগৰাকী মহিলা অসুস্থ হৈ পৰাৰ পিছতে সকলো যাত্রীকে এনেদৰে আবদ্ধ কৰি ৰখা হৈছে৷ মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষাত যদি ক’ৰোনাৰ দ্বাৰা সংক্রমিত হোৱাটো নিশ্চিত হৈ পৰে, তেন্তে এই যাত্রীসকলকো আছুতীয়াকৈ ৰাখি স্বাস্থ্য পৰীক্ষা কৰা হ’ব৷ স্মর্তব্য যে এতিয়ালৈকে কেলিফ’র্নিয়াৰ গ্রেণ্ড প্রিন্সেছ নামৰ জাহাজখনৰ ২১গৰাকী যাত্রী ক’ৰোনাত সংক্রমিত হৈছে৷ ইফালে জাপানৰ উপকূলত আবদ্ধ হৈ থকা ডায়মণ্ড প্রিন্সেছৰ ৭০০ যাত্রী ক’ৰোনাৰ দ্বাৰা সংক্রমিত হোৱাৰ উপৰি ৬গৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে৷