নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছ বিউটিফুল স্মাইল খিতাপ অৰ্জন নলবাৰীৰ কৃষ্টিৰ

বিশেষ বাৰ্তা, ২৩ অক্টোবৰঃ “মিছ আসাম ২৪” ত নলবাৰীৰ হৈ প্ৰতিনিধিত্ব কৰা কৃষ্টি শৰ্মাই টপ টেনলৈ নিৰ্বাচিত হোৱাৰ লগতে “মিছ বিউটিফুল স্মাইল” খিতাপ অৰ্জন কৰি সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ২০ অক্টোবৰত গুৱাহাটীৰ চেন্ট্ৰো মলত অনুষ্ঠিত এই অনুষ্ঠানটো আয়োজন কৰে ৰাজ্যৰ পৰ্য্যটন বিভাগ, চেনকো গোল্ড, ডাউনটাউন হস্পিতাল আৰু এম্বুলেন্সে। পূৰ্বে জিলা পৰ্যায়ত অনুষ্ঠিত এনেধৰণৰ সৌন্দৰ্য্য প্ৰতিযোগিতাত তিনিবাৰকৈ পাৰদৰ্শিতা দেখুৱাৰ পিছত এইবাৰ “মিছ আসাম ২৪” ত অন্তৰ্ভুক্ত হোৱা কৃষ্টি শৰ্মাই নিজৰ প্ৰতিভাৰ বলত সুন্দৰ প্ৰদৰ্শনৰে উজলাই তুলিবলৈ সক্ষম হয়।সাধনা, একাগ্ৰতাই মহীয়ান কৰি তোলা কৃষ্টি শৰ্মা সম্প্ৰতি ডনবক্স বিশ্ববিদ্যালয়ৰ পঞ্চম ষন্মাসিকৰ ছাত্ৰী। নলবাৰীৰ জ্যেষ্ঠ  সাংবাদিক তথা নলবাৰীৰ পৰা প্ৰকাশ পোৱা “সাপ্তাহিক লুইতজ্যোতি” কাকতৰ সম্পাদক অৰূপ কুমাৰ শৰ্মা আৰু সংগীতা শৰ্মাৰ কন্যা কৃষ্টিক লৈ আজি বহুজন গৌৰৱান্বিত।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন
You might also like