চামগুৰিত ৰকিবুলৰ ভেটিত কঁপনি তুলি বিজেপিৰ ৰথী-মহাৰথীৰ নিৰ্বাচনী প্ৰচাৰ
নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় হৈ পৰিছে এইবাৰ চামগুৰি বিধানসভা সমষ্টি। সুদীৰ্ঘ ২৩ বছৰ ধৰি কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ দখলত থকা চামগুৰি বিধানসভা সমষ্টিৰ পূৰ্বৰ ৰাজনৈতিক প্ৰেক্ষাপট এইবাৰ পৃথক ৰূপত ধৰা দিছে। ২০০১ পৰা ২০২১ৰ বিধানসভা নিৰ্বাচনত নিকটতম প্ৰতিদণ্ডীক ৰকিবুল হুছেইনে শোচনীয়ভাবে পৰাজয় কৰিবলৈ সক্ষম হৈছিল যদিও এইবাৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হোৱা সম্ভাৱনা নুই কৰিব নোৱাৰি। সমষ্টি পুনঃনিৰ্ধাৰণত ৮৮নং চামগুৰি বিধানসভা সমষ্টিৰ প্ৰায় ৪৫ হাজাৰৰো অধিক ভোটাৰ কলিয়াবৰ বিধানসভা সমষ্টিত আৰু প্ৰায় ৬০ হাজাৰ ভোটাৰ বঢ়মপুৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে। উপ নিৰ্বাচনৰ বাবে পূৰ্বৰ চামগুৰি বিধানসভা সমষ্টিৰ ভোটাৰৰ মাজতেই ভোট গ্ৰহণ হ’ব। কলিয়াবৰ আৰু বঢ়মপুৰ বিধানসভা সমষ্টি দুটা পূৰ্বৰ পৰাই অগপ বিজেপিৰ দুৰ্গ স্বৰূপ। এই সমষ্টি দুটাত চামগুৰি সমষ্টিৰ কংগ্ৰেছৰ বিৰোধী শিৱিৰৰ অধিকাংশ ভোটাৰেই অন্তৰ্ভূক্ত হৈছে। এনে প্ৰেক্ষাপটত উপ নিৰ্বাচনৰ জৰিয়তে ডেৰ বছৰৰ কাৰ্যকালৰ বাবেহে বিধায়ক এজন নিৰ্বাচিত হ’ব। ৰাজ্যত যিহেতু বৰ্তমান বিজেপি অগপৰ মিত্ৰজোঁটৰ চৰকাৰ; সেয়ে বহুতো সচেতন ভোটাৰে বিজেপিৰ প্ৰাৰ্থীজনকে জয়ী কৰিবলৈ চেষ্টা কৰিব বুলি বিজেপি মহলে দাবী কৰিছে। লগতে বিৰোধী বিধায়ক এজন জয়ী হ’লে চামগুৰিৰ উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি থাকিব যে সেইয়া চামগুৰিৰ সচেতন ভোটাৰে বুজিব পাৰিছে৷ এইবাৰ উপ নিৰ্বাচনত চামগুৰি সমষ্টিটো ধৰি ৰাখিবৰ বাবে নিজৰ একমাত্ৰ পুত্ৰ তথা এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তানজিল হুছেইনকে কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰিছে। ইয়াৰ বিপৰীতে বিজেপি অগপৰ মিত্ৰজোঁটে বিজেপিৰ সু সংগঠক ৰূপে পৰিচিত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা দিপ্লুৰঞ্জন শৰ্মাক বিজেপিৰ প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰিছে। নিজৰ অভেদ্য দুৰ্গ অক্ষত ৰখা তথা নিজৰ সন্মানৰ প্ৰশ্ন জড়িত হৈ পৰা চামগুৰিক ধৰি ৰাখিবৰ বাবে সাংসদ ৰকিবুল হুছেইনেও ইখনৰ পাছত সিখন নিৰ্বাচনী সভাৰ লগতে ভোটাৰৰ ঘৰে ঘৰে গৈ আকৰ্ষিত কৰাৰ চেষ্টা প্ৰতিদিনেই অব্যাহত ৰাখিছে। ইপিনে বিজেপিৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ জৰিয়তে চামগুৰিক উদ্ধাৰ কৰিবলৈ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে সৰ্ব শক্তিৰে উপ নিৰ্বাচনৰ যুঁজত আত্ম প্ৰকাশ কৰিছে। বুদ্ধিদীপ্ত, সু-সংগঠক, বাকপটু দিপ্লুৰঞ্জন শৰ্মাই চামগুৰিৰ ইমুৰৰ পৰা সিমুৰলৈ পদযাত্ৰা, নিৰ্বাচনী প্ৰচাৰ সভা, বুথ সভাৰ লগতে ভোটাৰৰ ঘৰে ঘৰে গৈ কংগ্ৰেছৰ ভেটি খহাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। দুই শক্তিশালী প্ৰাৰ্থীৰ এই যুঁজখন আকৰ্ষণীয় হৈ পৰাৰ সময়তে বহুকেইজন ধৰ্মীয় সংখ্যালঘু প্ৰাৰ্থীয়ে নিৰ্দলীয় হিচাপে মনোনয়ন পত্ৰ দাখিল কৰি ভোট বিভাজনৰ ৰাজনীতিত চামিল হৈ পৰিছে। এইবাৰ বদৰুদ্দিন আজমলৰ এআইইউডিএফৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ বিপৰীতে আম আদমী পাৰ্টিৰ পৰা নুৰুল আমিন চৌধুৰীকে ধৰি মুঠ ১১জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। বিজেপি অগপৰ সংখ্যালঘু মুছলমানৰ ভোট বিভাজনৰ বাবেই ধৰ্মীয় সংখ্যালঘু প্ৰাৰ্থীয়ে প্ৰতিদণ্ডিতাৰ বাবে আগবাঢ়িছে বুলি সৰব আলোচনা অব্যাহত আছে। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত নতুন সমষ্টি পুনঃনিৰ্ধাৰণৰ মতেই নিৰ্বাচন অনুষ্ঠিত হৈছিল যদিও উপ নিৰ্বাচন হ’বলগীয়া চামগুৰি বিধানসভা সমষ্টিৰ ১৮৯টা ভোট গ্ৰহণ কেন্দ্ৰৰ মুঠ পলিং ভোটৰ প্ৰায় চাৰি হাজাৰ ভোট কংগ্ৰেছে বেছিকৈ লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু ৰকিবুল হুছেইনে ২০২১চনত চামগুৰি বিধানসভা সমষ্টিত প্ৰতিদণ্ডিতা কৰি বিজেপি প্ৰাৰ্থী অনিল শইকীয়াতকৈ ২৭ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল। লোকসভা নিৰ্বাচনত কিন্তু এই ব্যৱধান বহু পৰিমাণে কমি আহে। যাৰ বাবে এইবাৰ বিজেপিয়ে যিকোনো প্ৰকাৰেই ভোটাৰৰ মন আকৰ্ষণ কৰি সমষ্টিটো নিজৰ হাতলৈ নিবলৈ অহোপুৰুষাৰ্থ চেষ্টা চলাইছে। এইবাৰ এই সমষ্টিত ১,৮০,৪৪৮জন ভোটাৰৰ প্ৰায় ১,০৪,০০০জন মুছলমান ভোটাৰৰ বিপৰীতে কেৱল ৭৬ হাজাৰ ভোটাৰহে হিন্দু-খ্ৰীষ্টান সম্প্ৰদায়ৰ। মুছলিম ভোটাৰে প্ৰভাৱ বিস্তাৰ কৰি থকা এআইইউডিএফৰ বদৰুদ্দিন আজমলৰ ভূমিকা লক্ষণীয় হ’ব বুলি নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত ধাৰণা কৰা হৈছিল। ধুবুৰীত ৰকিবুল হুছেইনৰ হাতত অতি শোচনীয়ভাবে বদৰুদ্দিন আজমল পৰাজিত হোৱাৰ পাছত ৰকিবুল হুছেইনক এশিকনী দিবৰ বাবে চামগুৰিত এআইইউডিএফে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি ৰাজনৈতিক মহলে দাবী কৰিছিল। ধিং সমষ্টিৰ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামেও চামগুৰিৰ মাগুৰমাৰীত অনুষ্ঠিত এআইইউডিএফৰ এখন সভাত মন্তব্য কৰিছিল। কিন্তু সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই গোপন বুজাবুজিৰে এআইইউডিএফে চামগুৰিৰ উপ নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে। এআইইউডিএফে প্ৰাৰ্থীত্ব প্ৰদান কৰা হ’লে কংগ্ৰেছৰ ভোট বিভাজন নিশ্চিত ৰূপত হ’ল হয়। কিন্তু মনোনয়ন দাখিলৰ অন্তিম সময়ত প্ৰায় এক ডজন মুছলমান প্ৰাৰ্থীয়ে মনোনয়ন দাখিলে বিশেষ তাৎপৰ্য বহন কৰিছে। সাংসদ ৰকিবুল হুছেইনৰ দুৰ্গ চামগুৰিত মুছলমান ভোটাৰে নিৰ্ণায়ক ভুমিকা পালন কৰি আহিছে যদিও ২০২১ৰ বিধানসভা নিৰ্বাচনত একেলগে থকা কেইবাজনো সংখ্যালঘু কংগ্ৰেছী নেতাই দল ত্যাগ কৰি অগপ আৰু বিজেপি দলত যোগদান কৰি সমীকৰণ সলনি কৰিছে বুলি বৰ্তমান সৰব চৰ্চা চলিছে চামগুৰিত। বিশেষকৈ লাওখোৱা উন্নয়ন খণ্ডৰ অধীনৰ ১১ পঞ্চায়ত দখল থকা কংগ্ৰেছী নেতা মজিবুৰ ৰহমানে অগপত যোগদান কৰি কংগ্ৰেছক বাৰুকৈয়ে শলঠেকত পেলাইছে। মজিবুৰ ৰহমানে কংগ্ৰেছ ত্যাগে ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান অঞ্চলত কংগ্ৰেছৰ ভেটি দুৰ্বল কৰি পেলাইছে বুলি বিজেপি মহলেও দাবী কৰিছে। মজিবুৰ ৰহমানৰ নেতৃত্বত বিজেপিৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই কেইবাটাও পদযাত্ৰাত অংশগ্ৰহণ কৰি ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ সঁহাৰি পোৱাটো লক্ষণীয় হৈ পৰিছে ৷ আৰু মজিবুৰ ৰহমানৰ নেতৃত্বত বহু কংগ্ৰেছ কৰ্মী বৰ্তমান বিজেপি দলত যোগদান কৰাত ৰকিবুল হুছেইনৰ ভেটি কঁপনি উঠিছে বুলি একাংশ লোকে মন্তব্য কৰিছে। আনহাতে বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ হৈ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা মন্ত্ৰী বিমল বৰা পিযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ হবিব মহম্মদ চৌধুৰী কাজিৰঙাৰ লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাঁচা, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, বিজেপি নেতা সুৰেশ বৰা, বিধায়ক হেমাংগ ঠাকুৰীয়া, ড° পৰমানন্দ ৰাজবংশীকে ধৰি বহুকেইজন বিধায়কে চামগুৰি সমষ্টিৰ বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ৷ আনহাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ হৈ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ, ৰিপুণ বৰা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা, ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনসহ বহু কেইজন কংগ্ৰেছ নেতাই চামগুৰিৰ বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ চলাই ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ কংগ্ৰেছ আৰু বিজেপি দলৰ ৰথী মহাৰথীয়ে নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি চামগুৰি উপ নিৰ্বাচনত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনৰ ভাগ্য নিৰ্ণয় হ’ব নে, নে নিকা ভাবমুৰ্তিৰ সাংগঠনিক দক্ষতাৰে পৰিপুষ্ট বুদ্ধিদীপ্ত আৰু অধ্যয়নশীল দিপ্লুৰঞ্জন শৰ্মাৰ ভাগ্য নিৰ্ণয় হয় সেয়া চামগুৰিৰ ৰাইজে নিৰ্ণয় কৰিব অহা ১৩ নৱেম্বৰত।
প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা