নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০৩৬ত দ্য গ্রেটেষ্ট শ্ব’ অন আর্থ আয়োজন কৰিবলৈ সাজু ভাৰত

📌 আন্তর্জাতিক অলিম্পিক কমিটীলৈ বিশেষ পত্র প্রেৰণ ভাৰতীয় অলিম্পিক সংস্থাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ নৱেম্বৰঃ চলিত বছৰতে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আমেৰিকা ভ্রমণৰ সময়ত কৰিছিল এটি বিশেষ ঘোষণা৷ আমেৰিকাৰ প্রবাসী ভাৰতীয়সকলক সম্বোধন কৰি মোদীয়ে ভাৰতত ২০৩৬ চনত অলিম্পিক উপভোগ কৰাৰ বাবে সাজু হ’বলৈ জনাইছিল আহ্বান৷ প্রধানমন্ত্রীৰ এই আহ্বানক আক্ষৰিক অর্থত পূৰণৰ দিশত ইতিবাচক পদক্ষেপ গ্রহণ কৰিছে অলিম্পিক এছ’চিয়েচন অৱ হণ্ডিয়াই৷ সংস্থাটোৱে ইতিমধ্যে এই সন্দর্ভত আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীলৈ প্রেৰণ কৰিছে বিশেষ পত্র৷ পত্রখনত ২০৩৬ চনত ‘দ্য গ্রেটেষ্ট শ্ব’ অন আর্থ’ আয়োজন কৰিবলৈ আহ্বান জনোৱা হৈছে৷ যিটোক আনুষ্ঠানিকভাৱে অলিম্পিক আয়োজন কৰাৰ ক্ষেত্রত প্রথম ইতিবাচক ভূমিকা বুলি গণ্য কৰা হয়৷ এহ কথা নিশ্চিত কৰিছে সংবাদ সংস্থা আইএএনএছে৷ সংবাদ সংস্থাটোক এক বিশেষ সূত্রই জনোৱা মতে, ২০৩৬ চনত দেশৰ মাটিত অলিম্পিক আৰু পেৰালিম্পিক আয়োজন কৰাৰ বাবে এক গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰা হৈছে৷ যোৱা বছৰ মুম্বাহত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীৰ অধিৱেশনত নৰেন্দ্র মোদীয়ে প্রথমবাৰৰ বাবে ভাৰতৰ মাটিত অলিম্পিক অনুষ্ঠিত কৰাৰ ডদ্দেশ্য ব্যক্ত কৰিছিল৷ ইয়াৰ পিছত তেওঁ বহুবাৰ ‘দ্য গ্রেটেষ্ট শ্ব’ অন আর্থ’ৰ আয়োজন কৰিবলৈ বদ্ধপৰিকৰ বুলি প্রকাশ কৰে৷ চলিত বর্ষৰ স্বাধীনতা দিৱসৰ দিনা নতুন দিল্লীৰ বাসগৃহত পেৰিছ অলিম্পিকত অংশগ্রহণ কৰা দেশৰ খেলুৱৈসকলক সাক্ষাৎ কৰিছিল প্রধানমন্ত্রী মোদীয়ে৷ তাত তেওঁ কৈছিল, ‘ভাৰতে ২০৩৬ চনৰ অলিম্পিক আয়োজন কৰাৰ বাবে প্রস্তুতি চলাইছে৷ গতিকে পেৰিছত অংশগ্রহণ কৰা সকলো খেলুৱৈৰ উল্লেখযোগ্য অৱদান অতি গুৰুত্বপূর্ণ৷ আপোনালোকে নিঃসন্দেহে বহু কথা শিকিছে আৰু অভিজ্ঞতা সঞ্চয় কৰিছে৷ সেয়া নিশ্চিত কৰিবলৈ আপোনাৰ অভিজ্ঞতা চৰকাৰৰ বাবে সর্বোচ্চ৷ ২০৩৬ চনৰ অলিম্পিকত কোনো ত্রুটি নাই, ই অতিকৈ মূল্যৱান৷’ পৰৱর্তী সময়ত ছেপ্টেম্বৰ মাহত আমেৰিকা ভ্রমণৰ সময়ত প্রধানমন্ত্রীয়ে নিডয়র্কৰ নাছাউ কলিজিয়ামত প্রবাসী ভাৰতীয়সকলক উদ্দেশ্যি কয়, ‘পেৰিছ অলিম্পিক কেইদিনমানৰ আগতে শেষ হৈছে৷ ভাৰতৰ মাটিত অলিম্পিক ডপভোগ কৰিবলৈ সোনকালে সাজু হওক’৷ ইয়াৰ পিছত অলিম্পিকৰ শাসকীয় সংস্থালৈ প্রেৰণ কৰা বিশেষ পত্রখন নিঃসন্দেহে এক আদর্শগত পদক্ষেপ৷ জানিব পৰা মতে, ১ অক্টোবৰত ভাৰতে এহ চিঠিখন আইঅ’চিলৈ প্রেৰণ কৰিছিল৷ ভাৰতৰ উপৰি মেক্সিকো, পোলেণ্ড, ইজিপ্ত, দক্ষিণ কোৰিয়া, তুৰস্ক, ইণ্ডোনেছিয়া আদি দেশসমূহেও ইতিমধ্যে ২০৩৬ চনৰ অলিম্পিক আয়োজন কৰাৰ ইচ্ছা প্রকাশ কৰিছে৷

You might also like