নিয়মীয়া বাৰ্তা, ৬ নবেম্বৰ : বাৰে বাৰে নিখোজ, হত্যাৰ বলি হ’বলগীয়া হৈছে অসমৰ পৰা বহি:ৰাজ্যলৈ কামৰ সন্ধানত যোৱা যুৱক। পুনৰ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ পানেৰী আৰক্ষী থানাৰ অন্তৰ্গত ভূটীয়াচাং চাহ বাগিছাৰ ১৩নং লাইনৰ পিতৃ স্বৰ্গীয় বিষ্ণু গুৰীয়াৰ পুত্ৰ দিবান গুৰীয়াই ঘৰুৱা আৰ্থিক অৱস্থা শোচনীয় হোৱা হেতুকে কৰ্মসংস্থাপন বিচাৰি চলিত বৰ্ষৰ জানুৱাৰী মাহত অঞ্চলটোৰ কেইগৰাকীমান বন্ধু যুৱকৰ সৈতে চেন্নাইলৈ গৈছিল। অক্টোবৰ মাহৰ ২২ তাৰিখে দিবান গুৰীয়া আৰু দুজন বন্ধুৰ সৈতে নিজ ঘৰলৈ বুলি ওভতনী যাত্ৰা কৰে। কিন্তু ইয়াৰ মাজতে ৰেলেৰে ওভতনি যাত্ৰা আৰম্ভ কৰা কটকৰ মাজবাট ৰে’ল ষ্টেচন অতিক্ৰম কৰাৰ পিছতেই নিখোজ হয় দিবান গুৰিয়া।দিবানৰ সৈতে যোৱা বন্ধু দুগৰাকীয়ে দিবানৰ সন্ধান নোপোৱাত ততালিকে ৰেলখনৰ ইমূৰৰ পৰা সিমূৰলৈকে খা খবৰ কৰে যদিও কোনোধৰণৰ সন্ধান উলিয়াব নোৱাৰাত বন্ধু দুগৰাকীয়ে আনটো ৰেলষ্টেচনত নামি দুয়ো কটকলৈ গুৰি গৈ ৰে’ল আৰক্ষীক ঘটনাটোৰ সম্পৰ্কে অৱগত কৰে আৰু দিবানৰ সন্ধান পালে ওদালগুৰি আৰক্ষী প্ৰশাসন নাইবা পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ ঠিকনা,ফোন নং আদি দি তাৰ পৰা ওভতি আহে। ২৫ অক্টোবৰত ঘৰত উপস্থিত হোৱা বন্ধু দুগৰাকীয়ে দিবানৰ ঘটনাৰ সম্পৰ্কে পত্নীৰ উপৰিও গাঁৱৰ পৰিয়ালক অৱগত কৰে। কিন্তু পৰিতাপৰ কথা যে আজিলৈকে দিবেনৰ সম্পৰ্কত কোনোধৰণৰ সম্ভেদ কিম্বা উত্তৰ আজিলৈকে পাবলৈ সক্ষম নহ’ল। দিবেনৰ পত্নীয়ে অৱশেষত পানেৰী থানাৰ কাষ চাপে আৰু বিষয়টোৰ সম্পৰ্কত অৱগত কৰি ঘটনাটোৰ তদন্ত চলাই পৰিয়ালটিক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।
প্ৰেৰক বাপন শৰ্মা