দুটা বেচ্চত অষ্ট্রেলিয়ালৈ ৰাওনা টীম ইণ্ডিয়া
🔹 ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফী সন্দর্ভত গুৰুত্বপূর্ণ মন্তব্য প্রশিক্ষক গম্ভীৰৰ
নিউজ ডেস্ক, ১২ নৱেম্বৰ : ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীত অংশ লোৱাৰ উদ্দেশ্যে কালি নিশা অষ্ট্রেলিয়ালৈ ৰাওনা হয় ভাৰতীয় ক্রিকেট দলৰ দ্বিতীয়টো বেচ্চ৷ নিউজিলেণ্ডৰ বিপক্ষে শেহতীয়াকৈ ঘৰুৱা টেষ্ট শৃংখলাত শোচনীয়ভাৱে পৰাস্ত হোৱাৰ পিছত অষ্ট্রেলিয়াৰ বিপক্ষে আগন্তুক এই টেষ্ট শৃংখলা ভাৰতীয় দলৰ বাবে যথেষ্ট গুৰুত্বপূর্ণ বিবেচিত হৈছে৷ শৃংখলাটোৰ বাবে অষ্ট্রেলিয়ালৈ ৰাওনা হোৱাৰ পূর্বে আজি মুম্বাইত এখন সংবাদ মেল সম্বোধন কৰে ভাৰতীয় দলৰ মুখ্য প্রশিক্ষক গৌতম গম্ভীৰে৷ এই সংবাদ মেলত গম্ভীৰে আগন্তুক ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীত ভাৰতীয় দলৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূর্ণ দিশৰ ওপৰত মন্তব্য আগবঢ়ায়৷ এই শৃংখলাৰ প্রথমখন মেচত ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শর্মাৰ উপস্থিতি সন্দর্ভত এতিয়াও কোনো নিশ্চিত তথ্য প্রকাশ পোৱা নাই৷ এই সন্দর্ভত গৌতম গম্ভীৰক সংবাদ মেলত প্রশ্ণ কৰা হয়৷ এই প্রশ্ণৰ উত্তৰত গম্ভীৰে টেষ্ট শৃংখলা আৰম্ভ হোৱাৰ পূর্বেহে এই বিষয়ে সঠিক তথ্য লাভ কৰিব বুলি মন্তব্য কৰে৷ অর্থাৎ ৰোহিত এই মেচখনৰ বাবে দলত উপলব্ধ নহ’ব পাৰে বুলি যি খবৰ ওলাইছে, সেই খবৰ অস্বীকাৰ কৰা নাই গম্ভীৰে৷ সংবাদ মেলত গম্ভীৰক লগতে ভাৰতীয় দলৰ অ’পেনিং সন্দর্ভতো প্রশ্ণ কৰা হয়৷ যদি ৰোহিত শর্মা পার্থ টেষ্টত উপলব্ধ নাথাকে, তেতিয়া তেওঁৰ স্থানত অ’পেনাৰ হিচাপে কোনে দায়িত্ব ল’ব সেই সম্পর্কে কৰা প্রশ্ণৰ উত্তৰত গৌতম গম্ভীৰে অভিমন্যু ঈশ্বৰণ আৰু কে এল ৰাহুলৰ নাম প্রথম দুটা বিকল্প হিচাপে উল্লেখ কৰে৷ এই দুগৰাকীৰ লগতে দলত আন বিকল্পও আছে বুলি গম্ভীৰে লগতে মন্তব্য কৰে৷ ইফালে, শুভমন গিলক বেটিং লাইন আপৰ ওপৰৰ স্থানত অর্থাৎ অ’পেনাৰ হিচাপে দেখা যাব পাৰে নেকি বুলি আন এক প্রশ্ণৰো অৱতাৰণা হয় সংবাদ মেলত৷ পিছে গম্ভীৰে প্লেইং ইলেভেন সন্দর্ভত এতিয়াই প্রকাশ কৰিব পৰা নহ’ব বুলি মন্তব্য কৰে৷ পৰিস্থিতি বিবেচনা কৰিহে দলত খেলুৱৈ নির্বাচন কৰা হ’ব বুলি তেওঁ লগতে কয়৷ আনহাতে, ৰোহিত–কোহলিৰ ফর্ম সন্দর্ভতো মন্তব্য কৰে গম্ভীৰে৷ ৰোহিত শর্মা আৰু বিৰাটৰ বর্তমানৰ প্রদর্শন চিন্তাৰ বিষয় নহয় বুলি মন্তব্য কৰি গম্ভীৰে লগতে দুয়োগৰাকী খেলুৱৈৰ যথেষ্ট অভিজ্ঞতা আছে বুলি আঙুলিয়াহ দিয়ে৷ ইফালে, ৰোহিত শর্মাই যদি প্রথমখন টেষ্টত অংশ ল’ব নোৱাৰে, তেন্তে তেওঁৰ স্থানত সহঃ অধিনায়ক যশপ্রীত বুমৰাহে দায়িত্ব ল’ব বুলি স্পষ্ট কৰি দিয়ে৷ গম্ভীৰে লগতে দলত অভিজ্ঞ আৰু নতুনৰ যথেষ্ট উন্নত সংমিশ্রণ আছে বুলি উল্লেখ কৰে৷ প্রথমবাৰৰ বাবে অষ্ট্রেলিয়া ভ্রমণ কৰা খেলুৱৈসকলৰ বাবে জ্যেষ্ঠ খেলুৱৈসকলৰ অভিজ্ঞতা সহায়ক হ’ব বুলিও গম্ভীৰে লগতে কয়৷ আনহাতে, অষ্ট্রেলিয়াৰ পিটচ সন্দর্ভতো মন্তব্য আগবঢ়ায় গম্ভীৰে৷ অষ্ট্রেলিয়াই পিটচ কিদৰে প্রস্তুত কৰিব, তাৰ ওপৰত ভাৰতীয় দলৰ কোনো নিয়ন্ত্রণ নাই বুলি উল্লেখ কৰি গম্ভীৰে লগতে ভাৰতীয় দল যিকোনো পৰিস্থিতিত খেলিবলৈ সাজু বুলি দৃঢ়তাৰে কয়৷ উল্লেখ্য যে সহঃ প্রশিক্ষক অভিষেক নায়াৰৰ সৈতে শুভমন গিল, যশস্বী জয়ছোৱাল, মহম্মদ চিৰাজ, ৱাশ্বিংটন সুন্দৰ, হর্ষিত ৰাণা, আকাশদীপ আৰু ছৰফৰাজ খান কালি প্রথমটো বেচ্চ হিচাপে পার্থত উপস্থিত হৈছে৷