নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ মূলপথত ই-ৰিক্সা চলাচলত নিষেধাজ্ঞা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ নৱেম্বৰঃ মহানগৰীত সঘনাই সংঘটিত হোৱা যানজঁট নিয়ন্ত্রণৰ লগতে পথ দুর্ঘটনা ৰোধ আৰু যাত্রীৰ সুৰক্ষিত যাতায়াতৰ প্রতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ আঞ্চলিক পৰিবহণ প্রাধিকাৰীয়ে এক গুৰুত্বপূর্ণ নির্দেশনা জাৰি কৰিছে৷ বিশেষকৈ যানজঁট আৰু দুর্ঘটনাৰ অন্যতম কাৰক হিচাপে চিহ্ণিত হোৱা ই–ৰিক্সা চলাচলৰ ক্ষেত্রত আঞ্চলিক পৰিবহণ প্রাধিকাৰিয়ে কেতবোৰ পথৰ নির্দেশনা জাৰি কৰিছে৷ আঞ্চলিক পৰিবহণ প্রাধিকাৰীয়ে জাৰি কৰা নির্দেশনা অনুসৰি গুৱাহাটীত ৩১টা পথতহে পৰিবহণ বিভাগৰ নীতি নির্দেশনা মানি চলা ই–ৰিক্সা চলাচলৰ অনুমতি প্রেৰণ কৰা হৈছে৷ সেই অনুসৰি গুৱাহাটী ৰিফাইনেৰীৰ পৰা ছেক্টৰ ১, ছেক্টৰ ২ আৰু নিজৰাপাৰলৈ ই–ৰিক্সা চলাচল কৰিব পাৰিব৷ পানীখাইতী ৰে’লৱে ক্রছিঙৰ পৰা ডিগাৰুলৈ, সোণাপুৰ বজাৰৰ পৰা মৰগডুলা, উৰাল, কমলাজাৰি, সোণাইগাঁও আৰু সৰুটাৰীলৈ ই–ৰিক্সা চলাচলৰ অনুমতি প্রদান কৰা হৈছে৷ আনহাতে জুৰিপাৰৰ পৰা সাতগাঁও, পাঞ্জাবাৰীৰ পৰা গুৱাহাটী পাব্লিক স্কুল আৰু বতাহঘূলিলৈ ই–ৰিক্সা চলাচলৰ অনুমতি প্রদান কৰা হৈছে৷ বাঘৰবৰী তিনিআলিৰ পৰা সাতগাঁও বজাৰ, ক্ষেত্রী বজাৰৰ পৰা বেঙেনাবাৰী, শালনী, মালৈবাৰী আৰু তেতেলীয়ালৈ ই–ৰিক্সাৰ চলাচল কৰিব পাৰিব৷ আনহাতে কইনাধৰাৰ পৰা পাতৰকুচিৰ বশিষ্ঠ মন্দিৰৰ পৰা গণেশ নগৰ বৰপথাৰলৈ ই–ৰিক্সা চলাচলৰ লগতে গড়চূকৰ পৰা পামহী, দিপৰ বিল, পাটগাঁও বিএছএফ কেম্পলৈ আৰু দিল্লী পাব্লিক স্কুলৰ পৰা পামহী হৈ চলাব পাৰিব ই ৰিক্সা৷ পৰিবহণ প্রাধিকাৰীৰ নির্দেশনা অনুসৰি সাতমাইলৰ পৰা ইঞ্জিনীয়াৰিং কলেজ, সুন্দৰবৰীৰ পৰা ইঞ্জিনীয়াৰিং কলেজ হৈ সাতমাইললৈ ই–ৰিক্সা চলাচলত অনুমতি দিয়া হৈছে৷ ইপিনে পাটগাঁও বিএছএফ কেম্পৰ পৰা ৰাণী একোলেণ্ড, বিমান বন্দৰৰ পৰা গড়ল, ধাৰাপুৰৰ পৰা গড়ল, বিমান বন্দৰৰ পৰা কাহিকুচিলৈ ই–ৰিক্সাৰ চলাচলত অনুমতি দিয়াৰ লগতে পৰিবহণ প্রাধিকাৰীয়ে মহানগৰ সংযোগী উপপথত ই–ৰিক্সা চলাচলৰ অনুমতি প্রদান কৰিছে যদিও মূল পথত চলাচল কৰিব নোৱাৰিব ই–ৰিক্সা৷ বিভাগীয় নির্দেশনা অনুসৰি দক্ষিণগাঁও পাৱাৰ হাউছৰ পৰা সোণাইঘূলি, হেঙেৰাবাৰীৰ পৰা জাপৰিগোগ, লালমাটিৰ পৰা বৈকুণ্ঠপুৰ, সিজুবাৰীৰ পৰা দক্ষিণগাঁও, পাথৰ কুৱেৰীৰ পৰা সাতগাঁও, বাঘৰবৰী তিনিআলি, সাউকুচিৰ পৰা ঘোৰামৰালৈ চলাচল কৰিব পাৰিব ই–ৰিক্সা৷ ইপিনে লালমাটিৰ পৰা বেলতলা হৈ এজি পইণ্টৰ পৰা জয়ানগৰ হৈ ৰিলায়েন্স মার্কেট, শেৱালি পথৰ পৰা মেঘমল্লাৰ কমপ্লেক্স হৈ নটবমা, দাতালপাৰাৰ পৰা ছাউথ পইণ্ট স্কুললৈ, আদাবাৰীৰ পৰা পাণ্ডু হৈ পাণ্ডু প’ৰ্ট, গণেশ টার্নিঙৰ পৰা জনকপুৰ আৰু খেৰাইকুছিৰ পৰা চন্দন নগৰ হৈ বেহাৰবাৰীৰ লগতে হকী ষ্টেডিয়ামহৈ সাউকুছিলৈ ই–ৰিক্সা চলাচলৰ অনুমতি প্রদান কৰিছে আঞ্চলিক পৰিবহণ প্রাধিকাৰীয়ে৷ আনহাতে ই–ৰিক্সা চালকসকলৰ বাবে অনুজ্ঞাপত্র পুলিচ ভেৰিফিকেচন আৰু ইউনিফর্ম বাধ্যতামূলক কৰা হৈছে৷ পৰিবহণ প্রাধিকাৰীৰ নির্দেশনা উলংঘাকাৰী চালকৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি পৰিবহণ বিভাগৰ এক উচ্চস্তৰীয় সূত্রই জানিবলৈ দিছে৷

You might also like