নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কন্যাৰ বিয়ালৈ চাৰি দিন; আলহী নিবলৈ আহি ঘৰলৈ গ’ল পিতৃসহ আপোনজনৰ নিথৰ দেহ

🔹 কাহিলিপুৱাই তিনিচুকীয়াত শোকাৱহ দুৰ্ঘটনাত শিশুসহ চাৰিগৰাকী নিহত
🔹 আহত দুগৰাকী মহিলা
বিশেষ বাৰ্তা, ১২ নৱেম্বৰ : আজি কাহিলিপুৱাই তিনিচুকীয়াৰ বাইপাছ পথত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত এগৰাকী শিশুসহ চাৰিগৰাকী লোক থিতাতে নিহত হয় আৰু দুগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। বাইপাছ পথৰ কাষত থকা এটা গাঁতত পৰি সংঘটিত হয় দুৰ্ঘটনাটো । পৰৱৰ্তী সময়ত দুৰ্ঘটনা সংঘটিত হোৱা বাহনখন প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক অৱগত কৰাৰ লগতে দুগৰাকী মহিলাক পানীৰ মাজত পৰি থকা গাড়ীখনৰ পৰা জীৱন্তে উদ্ধাৰ কৰে যদিও আন চাৰিগৰাকীক উদ্ধাৰ কৰিব নোৱাৰে স্থানীয় লোকে। কিছু সময়ৰ পাছত ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ বাহনখন পানীৰ পৰা উদ্ধাৰ কৰি বাহনখনৰ পৰা চাৰিটাকৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ কাৰণে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ সমান্তৰালভাৱে আঘাতপ্ৰাপ্ত পৰিয়ালৰে দুই মহিলাক চিকিৎসাৰ কাৰণে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। উক্ত শোকাৱহ দুৰ্ঘটনাই পুৱাই জোকাৰি যায় জিলাখনক, শোকৰ ছাঁ পৰে বৰডুবি অঞ্চলত। মৃত মহৎ শ্বাহৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, নিহত লোককেইজনৰ দুজন বৰডুবিৰ আৰু দুজন বিহাৰৰ । এ এছ-০৬ এ এ-২৫৮৩  নম্বৰৰ এখন মাৰুতি ছুইফট বাহনেৰে ডিব্ৰুগড় ৰে’লৱে ষ্টেচনৰ পৰা তিনিচুকীয়া দিশে বৰডুবিলৈ আহি থকাৰ মাজতে কাহিলি পুৱা পথ দুৰ্ঘটনাটো সংঘটিত হয়। নিহত লোককেইজন বৰডুবিৰ মহৎ শ্বাহ (৫১), মণ্টু শ্বাহ (৩০) আৰু বিহাৰৰ অৰ্থ গুপ্তা (৭), ৰাজেশ গুপ্তা (৩০) ৷ আঘাতপ্ৰাপ্ত মহিলা দুগৰাকীও বিহাৰৰ। তথ্য অনুসৰি, ১৬ নৱেম্বৰত বৰডুবিৰ অতি অমায়িক ব্যৱসায়ী মহৎ শ্বাহৰ কন্যাৰ বিবাহৰ দিন ধাৰ্য কৰিছিল আৰু সেই বিবাহলৈ বিহাৰৰ পৰা পৰিয়ালৰ লোকক ৰে’লৰ জৰিয়তে ডিব্ৰুগড় ৰে’ল ষ্টেচনলৈ আহিছিল আৰু ডিব্ৰুগড় ৰে’ল ষ্টেচনৰ পৰা বৰডুবিৰ ঘৰলৈ বিহাৰৰ আলহী লৈ আহি থকাৰ সময়তে উক্ত শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয় । উক্ত দুৰ্ঘটনাটোৰ ফলত এতিয়া যেন সৰগ ভাগি পৰিল মহৎ শ্বাহৰ পৰিয়ালটোৰ মূৰত। শোকৰ ছাঁ পৰিছে বৃহত্তৰ বৰডুবি অঞ্চলত। ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰা কন্যাৰ বিয়াৰ বাবে আপোন লোকক আনিবলৈ গৈ ঘৰলৈ ঘূৰি গ’ল পিতৃ তথা আপোনজনৰ নিথৰ দেহ। স্থানীয় লোকৰ অভিযোগ অনুসৰি, উক্ত স্থানত ইয়াৰ পূৰ্বেও কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্গাপূজাৰ পৰা এতিয়ালৈকে প্ৰায় ১০টা দুৰ্ঘটনা হৈছে ৷ বাইপাছ পথৰ নিৰ্মাণ কৰা ঠিকাদাৰে কালভাৰ্ট নিৰ্মাণ কৰাৰ সময়ত সঠিক সুৰক্ষা ব্যৱস্থা গ্ৰহণ নকৰাৰ লগতে নিৰ্মাণ নকৰি দীঘলীয়া সময় মুক্তভাৱে পেলাই ৰখাৰ বাবে সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনাসমূহ। বাইপাছ পথ নিৰ্মাণৰ সময়ত এয়া যেন পাতি থৈছে এক মৰণফান্দহে। গতিকে অতি সোনকালে উক্ত কালভাৰ্ট নিৰ্মাণ কৰাৰ লগতে যথোপযুক্ত সুৰক্ষা ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষক স্থানীয় লোকে।
প্ৰেৰক বিবেক বড়া
You might also like