চেম্পিয়নছ ট্ৰফীলৈ যোৱাৰ সন্মতি নিদিলে ভাৰতৰে নেখেলে পাকিস্তানে
নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ নৱেম্বৰঃ ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী সম্পৰ্কীয় বিষয়টো আৰু বেয়া হৈ পৰিছে। বিচিচিআইয়ে আইচিচিক জনাইছে যে টীম ইণ্ডিয়া কোনো কাৰণতে পাকিস্তানলৈ নাযায়। তথাপিও পাকিস্তান ক্ৰিকেট ব’ৰ্ডে (পিচিবি) পাকিস্তানত চেম্পিয়নছ ট্ৰফী আয়োজন কৰাত অটল। যদিও বিচিচিআইয়ে হাইব্ৰিড মডেল আগবঢ়াইছে, কিন্তু পাকিস্তান ইয়াৰ বাবে সাজু হোৱা নাই। পাকিস্তানৰ এখন কাকতত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি পিচিবিয়ে আইচিচিক স্পষ্টকৈ ক’ব যে ভৱিষ্যতে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীকে ধৰি কোনো আইচিচি প্ৰতিযোগিতাৰ বাবে ভাৰত আৰু পাকিস্তানক একেটা গ্ৰুপত স্থান দিয়া উচিত নহয়। ভাৰতে পাকিস্তান ভ্ৰমণ কৰিবলৈ সন্মতি নিদিয়ালৈকে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে খেলিব নিবিচাৰে। ইয়াৰ পূৰ্বে খবৰ আহিছিল যে পিচিবিয়ে আইচিচিলৈ এখন পত্ৰ লিখিছে, য’ত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে টীম ইণ্ডিয়াই প্ৰতিযোগিতাখনত খেলক বা নখেলক, পাকিস্তানে কোনো কাৰণতে চেম্পিয়নছ ট্ৰফী আয়োজন কৰাটো এৰি নিদিয়ে। লগতে এটা প্ৰতিবেদনত কোৱা হৈছে যে বিচিচিআইয়ে নিজৰ দলটোক সীমান্তৰ সিপাৰে পঠোৱাৰ কোনো কাৰণ দিয়া নাই। কাৰণ জনাৰ পিছতহে পিচিবিয়ে এই সমস্যাৰ সমাধান বিচাৰি উলিওৱাৰ কথা চিন্তা কৰিব। এটা প্ৰতিবেদনত দাবী কৰা হৈছিল যে যদি পিচিবিয়ে হাইব্ৰিড মডেলৰ প্ৰস্তাৱ নাকচ কৰে তেন্তে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ আয়োজনৰ স্বত্ব পাকিস্তানে হেৰুৱাব। এনে পৰিস্থিতিত সমগ্ৰ প্ৰতিযোগিতাখন দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’ব। যদি পিচিবিয়ে হাইব্ৰিড মডেল গ্ৰহণ কৰে তেন্তে টীম ইণ্ডিয়াই ডুবাইত নিজৰ মেচ খেলিব। উল্লেখ্য যে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। ইয়াৰ অন্তিমখন মেচ ৯ মাৰ্চত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনৰ সম্পূৰ্ণ সূচী এতিয়াও ঘোষণা কৰা হোৱা নাই যদিও পিচিবিয়ে খচৰা সূচী আইচিচিলৈ প্ৰেৰণ কৰিছে।