নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ বিৰোধিতাৰে শেহতীয়াকৈ নতুন দিল্লীত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতি সন্দর্ভত বুধবাৰে লোকসভাত আলোচনা হ’ব৷ কংগ্রেছকে ধৰি বিৰোধী দলসমূহে বিষয়টোক লৈ আলোচনাৰ বাবে দাবী উত্থাপন কৰি আহিছিল যদিও লোকসভাৰ অধ্যক্ষ ওম বিৰলাই হোলীৰ পিছতহে বিষয়টো আলোচনা হ’ব বুলি প্রতিশ্রুতি দিছিল৷ সেই অনুসৰি সংসদৰ ১৯৩ নিয়মৰ অধীনত বুধবাৰে দিল্লীৰ হিংসাক লৈ লোকসভাত আলোচনা হ’ব৷ উল্লেখ্য যে লোকসভা অধিৱেশনৰ আৰম্ভণিৰ সময়ছোৱাত দিল্লী হিংসাক লৈ কংগ্রেছে তীব্র প্রতিবাদ সাব্যস্ত কৰাত লোকসভাৰ কাম–কাজত বিঘিনি ঘটিছিল৷ কংগ্রেছ নেতা অধীৰৰঞ্জন চৌধুৰীয়ে দিল্লীৰ শেহতীয়া আইন–শৃংখলাজনিত পৰিৱেশ সন্দর্ভত আলোচনা আৰম্ভ কৰিব৷