কৰমর্দন, ছেলফিৰ পৰা আঁতৰি থাকিব দঃ আফ্রিকাৰ খেলুৱৈ
নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ ব্যাপক সংক্রমণে ভাৰতত আতংকৰ সৃষ্টি কৰাৰ সময়তে অহা ১২ মার্চত টীম ইণ্ডিয়াৰ বিৰুদ্ধে প্রথমখন এদিনীয়া খেলিব দক্ষিণ আফ্রিকাই৷ তিনিখন মেচৰ এদিনীয়া শৃংখলাটোৰ বাবে দলটো ইতিমধ্যে ভাৰতত উপস্থিত হৈ অনুশীলনত ব্যস্ত আছে৷ শেহতীয়াকৈ অষ্ট্রেলিয়াক ৩–০ৰ ব্যৱধানত বিধ্বস্ত কৰি আত্মবিশ্বাসী হৈ থকা দলটো অৱশ্যে ভাৰতৰ মাটিত উপস্থিত হৈয়ে ক’ৰোনা ভাইৰাছে সৃষ্টি কৰা প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে৷ বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ভাইৰাছৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ দলটোৱে সমাগত শৃংখলাটোত খেলুৱৈৰে কৰমর্দন আৰু অনুৰাগীৰ সৈতে ছেলফি উঠাৰ পৰা বিৰত থাকিব বুলি দলটোৰ প্রশিক্ষক মার্ক বাউচাৰে প্রকাশ কৰে৷ তেওঁ কয় যে চিকিৎসকৰ দলে খেলুৱৈসকলৰ ওপৰত চোকা নজৰ ৰাখিছে আৰু তেওঁলোকে সকলো সতর্কতামূলক পৰামর্শ পালন কৰিবলৈ প্রস্তুত আছে৷