নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত শিক্ষাবন্ধুৰ প্রতিষ্ঠা দিৱস–শিশু দিৱস উদযাপন

🔹 বক্তৃতা–চিত্রাংকন প্রতিযোগিতা সম্পন্ন

🔹 দুখন গ্রন্থ উন্মোচন ড০ সীমান্ত বৰুৱা–প্রদীপ গগৈৰ

বিশেষ বাৰ্তা, ১৭ নৱেম্বৰ : শিৱসাগৰৰ বাঢ়ৈটিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্রাংগণত বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন শিক্ষাবন্ধুৰ ষষ্ঠ বার্ষিক প্রতিষ্ঠা দিৱস আৰু শিশু দিৱস উদযাপন কৰা হয়৷ পুৱা ১০ বজাত মূল বন্তি প্রজ্বলন কৰে সমাজকর্মী অচ্যুত দুৱৰাই৷ আনহাতে, জৱাহৰলাল নেহৰুৰ প্রতিচ্ছবিত সহঃ শিক্ষয়িত্রী অন্তি শহকীয়াই আৰু মামণি ৰয়ছম গোস্বামীৰ প্রতিচ্ছবিত বন্তি প্রজ্বলন কৰে সহঃ শিক্ষয়িত্রী অঞ্জুমণি চুতীয়াই৷ ইয়াৰ পিছতে পতাকা উত্তোলন কৰে শিক্ষাবন্ধুৰ কেন্দ্রীয় সমিতিৰ সভাপতি নীৰৱ বাইলুং আহোমে৷ পতাকা উত্তোলনৰ পিছতে গছপুলি ৰোপণ কৰে বিদ্যালয়খনৰ প্রধান শিক্ষক মুজিবুৰ ৰহমানে৷ গছপুলি ৰোপণ কৰাৰ পিছতে শিক্ষাবন্ধুৰ প্রতিনিধি সভা অনুষ্ঠিত হয়৷ সভাত শিক্ষাবন্ধুৰ ভৱিষ্যৎ পৰিকল্পনা সন্দর্ভত আলোচনা আৰু সিদ্ধান্ত লোৱা হয়৷ এই সভাতে নতুন সমিতি গঠন কৰা হয়৷ নতুন সমিতিত পুনৰ সভাপতি নীৰৱ বাইলুং আহোম, সম্পাদিকা ঋতুমণি মাউৎ, কার্যকৰী সভাপতি ৰীতামণি গগৈ চাংমাইকে ধৰি ২০জনীয়া এখন কেন্দ্রীয় সমিতি গঠন কৰা হয়৷ সভা চলি থকা সময়তে বাঢ়ৈটিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্র–ছাত্রীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানেৰে মঞ্চ উদ্বোধন কৰে৷ ইয়াৰ পিছতে জিলা ভিত্তিত চিত্রাংকন আৰু বক্তৃতা প্রতিযোগিতা অনুষ্ঠিত হয়৷ প্রতিযোগিতাৰ পিছতে বকতাৰ উদীয়মান কণ্ঠশিল্পী পার্থ গগৈয়ে শিক্ষাবন্ধুৰ মঞ্চত গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে৷ বাঢ়ৈটিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্র–ছাত্রীসকলে সমৱেত সংগীত পৰিৱেশন কৰে৷ বাঢ়ৈটিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্রাংগণত সমাজকর্মী প্রদীপ দুৱৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত লেখক, শিক্ষাবিদ, বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ সমাজশাস্ত্র বিভাগৰ মুৰব্বী প্রবক্তা ড০ সীমান্ত বৰুৱা, ‘নিয়মীয়া বার্তা’ৰ উপ-সম্পাদক প্রদীপ গগৈ, লাকুৱা মডেল ইংলিছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অসমীয়া বিভাগৰ বিষয় শিক্ষক, চৰাইদেউ জিলা কবি সন্মিলনৰ সভাপতি সঞ্জীৱ বাইলুং, বাঢ়ৈটিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্রধান শিক্ষক মুজিবুৰ ৰহমান, দিলিহি ধাইআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্রী, শিৱসাগৰ জিলাৰ কৃতী শিক্ষয়িত্রী বঁটাপ্রাপক মামু দুৱৰাকে প্রমুখ্য কৰি একে বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্রী ৰশ্মিৰেখা বৰা আৰু ৰূপৰেখা ফুকন, চেলেং হাইস্কুলৰ অৱসৰপ্রাপ্ত শিক্ষয়িত্রী সোণমাই দুৱৰা তামুলী, সমাজকর্মী বিদ্যুৎ বুঢ়াগোহাঁই, সঞ্জীৱ তালুকদাৰ আৰু তৰুণ কুর্মী প্রমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি বক্তব্য আগবঢ়ায়৷ লেখক দিগন্ত বাইলুঙৰ ‘অসমীয়া ভাষাৰ জয়যাত্রা’ গ্রন্থখন উন্মোচন কৰি গ্রন্থখনত সন্নিৱিষ্ট লেখাসমূহে ছাত্র–ছাত্রীসকলকে প্রমুখ্য কৰি সকলো শ্রেণীৰ নাগৰিকক উপকৃত কৰিব বুলি শিক্ষাবিদ ড০ সীমান্ত বৰুৱাই উল্লেখ কৰে৷ স্বেচ্ছাসেৱী সংগঠন, প্রকাশন শিক্ষাবন্ধুৰ সভাপতি নীৰৱ বাইলুং আহোমে আঁত ধৰা অনুষ্ঠানত ‘নিয়মীয়া বার্তা’ৰ উপ-সম্পাদক প্রদীপ গগৈয়ে বিশিষ্ট লেখক দিগন্ত বাইলুঙৰ ‘অসমীয়া ভাষা বনাম ভাৰতৰ ধ্রুপদী ভাষা’ গ্রন্থখন উন্মোচন কৰি কয়– ‘অসমত প্রকাশিত প্রতিখন বাতৰি কাকতেই আমি কার্যালয়ত দৈনিক চাব লাগে৷ কেইবাখনো বাতৰি কাকতত দিগন্ত বাইলুঙৰ লেখা প্রকাশ হোৱা আমি দেখিবলৈ পাইছোঁ৷ নৱপ্রজন্মক উৎসাহ যোগাব পৰা দিশৰ লগতে সমাজ সচেতনতা তেওঁৰ লেখাসমূহৰ পৰিধি৷’ বাঢ়ৈটিং হাইস্কুল আৰু দিলিহি ধাইআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্র–ছাত্রী আৰু স্থানীয় দুই শতাধিক লোক উপস্থিত থকা মুকলি সভাত লেখক দিগন্ত বাইলুঙে বক্তব্য ৰাখি দুয়োখন গ্রন্থ পঢ়ুৱৈ সমাজে সমালোচনাৰে আঁকোৱালি ল’লেহে সাহিত্য সাধনা ফলপ্রসূ হ’ব বুলি উল্লেখ কৰে৷ প্রতিষ্ঠা দিৱসত শিক্ষাবন্ধুৰ সদস্য হিচাপে আদিত্য আৰন্ধৰা, শংকৰ বড়া, অভিজিত চুতীয়া, শিল্পী বুঢ়াগোহাঁই, পাৰমিতা মহন্ত আদিকে ধৰি বাঢ়ৈটিং মহিলা সমাজে অগ্রণী ভূমিকা গ্রহণ কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে৷

You might also like