নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৈৰাবাৰীত দৰং-ওদালগুৰি জিলা ভিত্তিত প্ৰাইজমানী চিত্ৰাংকন প্ৰতিযোগিতা

নিয়মীয়া বাৰ্তা, ১৭ নবেম্বৰ : অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান বৃত্তি সন্ধানী সংস্থাপন সংস্থা, ঝাৰগাঁৱৰ উদ্যোগত ওদালগুৰি জিলাৰ খৈৰাবাৰীত আজি অনুষ্ঠিত হয় জনগোষ্ঠীয় কলা-কৃষ্টি বিষয়ক প্ৰাইজমানী চিত্ৰাংকন প্ৰতিযোগিতা। প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ভাস্কৰ্য শিল্পী পূৰবী শৰণীয়াই। খৈৰাবাৰী টাউন হাই স্কুলত দৰং-ওদালগুৰি জিলা ভিত্তিত তিনিটা শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ ‘ক’ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীসক‌ল হ’ল ক্ৰমে উদিপ্ত বৰুৱা, টনুশ্ৰী সাহা আৰু কুভম বড়ো। আনহাতে ‘খ’ শাখাত নেৰচুমৈ বড়ো, প্ৰীতম ৰাভা আৰু চিবিংসোনা বড়োৱে অধিকাৰ কৰে ক্ৰমে ১ম, ২য় আৰু ৩য় স্থান। ‘গ’ শাখাৰ স্থান প্ৰাপ্ত সকল হ’ল শান্তনা সেন, ধ্যানজ্যোতি নাথ আৰু অঞ্জালি বড়ো। প্ৰতিযোগিতাৰ অন্তত বঁটা বিতৰণী অনুষ্ঠানত অংশ লৈ কৃতী শিক্ষক, যুৱ বক্তা উত্তম ৰাভাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি নীতি-শিক্ষা আৰু অনুপ্ৰেৰণামূলক বক্তৃতা প্ৰদান কৰি কয় যে এটা সফল ভৱিষ্যত জীৱন গঢ় দিবৰ বাবে ছাত্ৰ -ছাত্ৰী সকলে সদায়ে এটা ধনাত্মক অথবা ইতিবাচক চিন্তা-চেতনাৰে সময়ৰ সঠিক ব্যৱহাৰ কৰি ছাত্ৰ জীৱনৰ দায়িত্ব-কৰ্তব্য পালন কৰি যাব লাগিব; কিয়নো নেতিবাচক চিন্তাই শিক্ষাৰ্থীৰ শৈক্ষিক জীৱন আগুৱাই নিয়াত সৃষ্টি কৰে হেঙাৰৰ। বিদ্যাৰ্থীসকলৰ প্ৰতিভা- সম্ভাৱনাক বিকশাই তোলাত গুৰুত্ব আৰোপ কৰি তেওঁ লগতে কয় যে জীৱনলৈ নামি অহা ধুমুহা অথবা কঠিন পৰিস্থিতিৰ মুখামুখি হ’বৰ কাৰণেও ছাত্ৰ-ছাত্ৰীসকলে মনত সাহস গোটাব লাগিব; অন্যথাই সফলতাৰ জখলা বগোৱাটো কোনোপধ্য সম্ভৱ নহয়। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সংস্থাৰ সভাপতি তথা বিশিষ্ট লেখক সুৰেন্দ্ৰ মোহন ৰাভা, খৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যাপক কমল ৰয়, শিক্ষক পৰশুৰাম ডেকা, খৈৰাবাৰী সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক দিলীপ বৰুৱা, চিত্ৰ শিল্পী শংকৰ শৰণীয়াকে ধৰি কেইবাগৰাকীও নেতৃস্থানীয় লোক উপস্থিত থাকে।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like