নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইজৰাইলৰ আক্রমণত গোপন পৰমাণু গৱেষণাগাৰ ধ্বংস

🔹 উপগ্রহৰ ছবি বিশ্লেষণ কৰি পাঁচ বিশেষজ্ঞৰ দাবী

নিউজ ডেস্ক, ১৮ নৱেম্বৰ : ইজৰাইলৰ ক্ষেপণাস্ত্র আক্রমণত ধ্বংস হৈ গৈছে ইৰানৰ গোপন পৰমাণু অস্ত্র গৱেষণাগাৰ! শেহতীয়াকৈ পোহৰলৈ অহা এক উপগ্রহৰ চিত্র বিশ্লেষণ কৰি এই দাবী কৰিছে আমেৰিকা আৰু ইজৰাইলৰ বিশেষজ্ঞই৷ জনোৱা হৈছে যে যোৱা মাহত ইৰানৰ পাৰচিন মিলিটাৰী কমপ্লেক্সত থকা গোপন পৰমাণু গৱেষণাগাৰ ধ্বংস হৈছে ইজৰাইলৰ ক্ষেপণাস্ত্র আক্রমণত৷ অৱশ্যে এই দাবী অগ্রাহ্য কৰিছে ইৰানে৷ যোৱা ১ অক্টোবৰত ইজৰাইলত ক্ষেপণাস্ত্রৰে আক্রমণ চলাইছিল ইৰানে৷ ইয়াৰ প্রতিশোধ হিচাপে ২৬ অক্টোবৰত ইৰানৰ তিনিটা স্থানত আক্রমণ চলায় ইজৰাইলে৷ তেহৰান, খুজেস্তান আৰু ইলামত ইজৰাইলে বোমা–ক্ষেপণাস্ত্রৰে আঘাত হানে৷ তেহৰানত থকা পাৰচিন মিলিটাৰী কমপ্লেক্সৰ গোপন পৰমাণু গৱেষণাগাৰ ধ্বংস হোৱা বুলি দাবী কৰিছে আমেৰিকা আৰু ইজৰাইলৰ ৫গৰাকী বিশেষজ্ঞই৷ এই বিশেষজ্ঞসকলে দাবী কৰা অনুসৰি, গোপন পৰমাণু গৱেষণাগাৰ ধ্বংস হোৱাৰ ফলত পৰমাণু অস্ত্র পৰীক্ষাৰ ক্ষেত্রত বহু পিছুৱাই গৈছে ইৰান৷

You might also like