নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিয়াবৰত বনৰজাৰ তাণ্ডৱ অব্যাহত

বিশেষ বাৰ্তা, ২০ নৱেম্বৰ : বিগত প্ৰায় এবছৰ ধৰি কলিয়াবৰ সমজিলাৰ এক বৃহৎ এলেকাত প্ৰকাণ্ড ঢেকীয়াপটীয়া বাঘে সন্ত্ৰাস চলাই আহিছে। আজি তিনি দিন ধৰি কলিয়াবৰৰ জখলাবন্ধাৰ সমীপৰ বৰভকতি, দেৱসত্ৰ, কটিয়ৰি, ঢেকিয়াল, মিৰিভেটি এলেকাত বনৰজাই তাণ্ডৱ চলাই আহিছে। বনৰজাই এলেকাটোত কেবাটাও পশুধন নিহত কৰে।আকস্মিক ভাবে এটা ঢেকীয়াপটীয়া বাঘৰ আগমন ঘটাৰ পিছৰে পৰাই গাঁওকেইখনত হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। কলংনৈৰ পাৰৰ এই গাঁও কেইখনত কলঙৰ পাৰে পাৰে থকা জংঘলত অৱস্থান  কৰি থকাত গঞা ৰাইজ শংকিত হৈ পৰিছে। বনৰজা অহাৰ বিষয়ে স্থানীয় লোকে বন বিভাগ আৰু আৰক্ষীক অৱগত কৰাত বনবিভাগৰ বিষয়া, জোৱান আৰক্ষীয়ে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। উল্লেখ যে কলিয়াবৰৰ শিলঘাট, কলিয়াবৰ চাহবাগিচা, সোণাৰিশাখা চাহবাগিচা, সোণাৰিগাও, কামাখ্যা গাঁও ,হাতীমুৰা আদি অঞ্চলত প্ৰায় এবছৰ ধৰি কেবাটাও বাঘে তাণ্ডৱ চলাই আহিছে। ইতিমধ্যে বাঘে অৰ্ধাশতাধিক পশুধন ভক্ষণ কৰিছে। কেইদিনমানৰ পুৰ্বে হাতীমুৰাৰ এগৰাকী অঙ্গনাবাড়ী কৰ্মীসহ কেইবাজনো কণমানি শিক্ষাৰ্থী বাঘৰ মুখামুখি হৈছিল যদিও সৌভাগ্যক্ৰমে ৰক্ষা পৰে। বনবিভাগে বাঘ পিঞ্জৰাবদ্ধ কৰিবলৈ পিঞ্জৰা পাতিছিল যদিও সফল নহল। বাঘৰ অৱস্থানৰ বাবেই এই অঞ্চল সমুহৰ ৰাইজৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে।ভয় আৰু শংকাৰ মাজত গঞাই দিন পাৰ কৰিবলগীয়া হৈছে।কলঙৰ পাৰৰ এই গাঁও কেইখনৰ ৰাইজে উজাগৰী নিশা কটাব লগা হৈছে। বনবিভাগ আৰু গাঁও কেইখনৰ ৰাইজে ফটকা ফুটাই বাঘটোক খেদি পঠিয়াবৰ বাবে প্ৰয়াস অব্যাহত ৰখাৰ সময়তে আজি পুৱাৰ ভাগতে বাঘটোৱে কলঙৰ পাৰে পাৰে জখলাবন্ধাৰ সমীপৰ তপাহোলা হৈ কেৰিবাকৰি এলেকাত অৱস্থান কৰে। বাঘটো জখলাবন্ধাৰ আয়ুস পাব্লিক স্কুলৰ পিছফালে কিছু সময় অৱস্থান কৰাত এই বিদ্যালয়ৰ লগতে কাষতে থকা আন দুখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰি, ছাত্ৰ-ছাত্ৰী আতংকিত হৈ পৰে।
বাঘৰ উপস্থিতিৰ বাবেই আয়ুস পাব্লিক স্কুল, ৰামানন্দ বালিকা বিদ্যালয় আৰু কলংমুখ বিদ্যাপীঠ আজি বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি  হয়। ফলত বিদ্যালয়লৈ গৈয়ো শিক্ষক ,শিক্ষাৰ্থী ঘৰলৈ উভতি আহিব লগা হয়। তদুপৰি প্ৰশাসনে বাঘে অৱস্থান কৰা অঞ্চলৰ ৬টাকৈ পথত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। সেই অনুসৰি এই পথত বিয়লি ৪ বজাৰ পৰা পুৱা ৯ বজালৈ বাহন চলাচলত বাধা আৰোপ কৰিছে। বন বিভাগে সংবাদ মাধ্যমক জনোৱা মতে বাঘটোক খেদি পঠিয়াবৰ বাবে বন বিভাগে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।বাতৰি লিখা সময়লৈকে বাঘটোক খেদি পঠিয়াবলৈ বন বিভাগ সফল হোৱা নাই।ইপিনে  বাঘৰ পৰা পৰিত্ৰাণ পাৱৰ বাবে একাংশ লোকে বাঘ খেলিবলৈ চেষ্টা চলাই বাঘটোলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাত ভয়ত বিতত হৈ কলঙত পৰি কিছু সময় পানীত আশ্ৰয় লয় বুলি প্ৰত্যক্ষ দৰ্শীয়ে জানিবলৈ দিয়ে।
প্ৰেৰক কনক হাজৰিকা
You might also like