নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেনাৰ পৰা ১৫ হাজাৰ ট্রেন্সজেণ্ডাৰ কর্মীক খেদিব ড’নাল্ড ট্রাম্পে

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ নৱেম্বৰঃ ঘোষিতভাৱে ট্রেন্সজেণ্ডাৰ বা তৃতীয় লিংগবিৰোধী ড’নাল্ড ট্রাম্প৷ আমেৰিকাত ড’নাল্ড ট্রাম্প ক্ষমতালৈ উভতি অহাৰ লগে লগে উদ্বেগ বৃদ্ধি পাইছে দেশখনৰ ট্রেন্সজেণ্ডাৰ সম্প্রদায়ৰ মাজত৷ শেহতীয়াকৈ ছানডে’ টাইমছৰ এক প্রতিবেদনত প্রকাশ পাইছে এই তথ্য৷ প্রতিবেদনত উল্লেখ কৰা হৈছে যে নতুন মার্কিন ৰাষ্ট্রপতিৰ নির্দেশত দেশখনৰ সেনাবাহিনীৰ পৰা বাদ পৰিব হাজাৰ হাজাৰ ট্রেন্সজেণ্ডাৰ সৈনিক৷ বর্তমান আমেৰিকাৰ সামৰিক বাহিনীত কর্মৰত প্রায় ১৫ হাজাৰ ট্রেন্সজেণ্ডাৰ৷ প্রথম কার্যকালত সেনাবাহিনীৰ পৰা ট্রেন্সজেণ্ডাৰসলক অপসাৰণ কৰাৰ পৰিকল্পনা গ্রহণ কৰিছিল ড’নাল্ড ট্রাম্পে৷ এইবাৰ ট্রাম্পে ইয়াক কার্যকৰী ৰূপ দিব পাৰে৷ ছানডে’ টাইমছৰ প্রতিবেদন অনুসৰি ট্রেন্সজেণ্ডাৰসকলক্ মেডিকেল গ্রাউণ্ডত অপসাৰণ কৰিব ট্রাম্পে৷ বহু ট্রেন্সজেণ্ডাৰৰ অস্ত্রোপচাৰ হৈছে৷ এই কাৰণ দেখুৱাই সেনাৰ বাবে অযোগ্য বুলি ঘোষণা কৰি ট্রেন্সজেণ্ডাৰসকলক্ চাকৰিৰ পৰা অপসাৰণ কৰা হ’ব৷ কাকতখনে উল্লেখ কৰা অনুসৰি, প্রথমটো কার্যকালত ট্রাম্পে ট্রেন্সজেণ্ডাৰসকলক্ সামৰিক বাহিনীত যোগদানৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰিছিল৷ অৱশ্যে যিসকল কর্মৰত আছিল তেওঁলোকক অপসাৰণ কৰা হোৱা নাছিল৷ কিন্তু এইবাৰ ট্রাম্পে ট্রেন্সজেণ্ডাৰ সম্প্রদায়ক সেনাৰ পৰা সম্পূর্ণ বর্খাস্ত কৰাৰ সম্ভাৱনা আছে৷ আগন্তুক ২০ জানুৱাৰীত দেশখনৰ ৪৭সংখ্যক ৰাষ্ট্রপতি হিচাপে দায়িত্ব গ্রহণ কৰিব ট্রাম্পে৷ দায়িত্ব গ্রহণৰ প্রথম দিনটোতে ট্রেন্সজেণ্ডাৰসকলক্ সেনাৰ পৰা অপসাৰণৰ নির্দেশ দিব পাৰে ট্রাম্পে৷ স্মর্তব্য যে বিগত সময়ত ৰাষ্ট্রপতি জ’ বাইডেনে সামৰিক ক্ষেত্রত ট্রেন্সজেণ্ডাৰসকলৰ্ নিয়োগৰ বিষয়টোত ট্রাম্পে দিয়া নিষেধাজ্ঞা উঠাই দিছিল৷ এইবাৰ ট্রাম্পে সেই নিষেধাজ্ঞাক কঠোৰভাৱে বলৱৎ কৰাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ ইতিমধ্যে ট্রেন্সজেণ্ডাৰ সম্প্রদায়ৰ মাজত সৃষ্টি হৈছে আতংক৷

You might also like