নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধনলোভী আৰক্ষী বিষয়া ধনঞ্জয় ৰাভাক নিলম্বন আৰক্ষী অধীক্ষকৰ

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ নিয়মীয়া বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ। অৱশেষত অসম আৰক্ষীৰ নাক-কাণ কটা আটানিৰ আৰক্ষী বিষয়াক নিলম্বন। উৎকোচ লোৱাৰ অপৰাধত আটানিৰ আৰক্ষী বিষয়া ধনঞ্জয় ৰাভাক নিলম্বন কৰে। ধনঞ্জয় ৰাভাই গাড়ীত বহি মুক্তমনে উৎকোচ লৈছিল। উক্ত উৎকোচ লোৱা ভিডিঅ’ নিয়মীয়া বাৰ্তা ডিজিটেলত সম্প্ৰচাৰিত হোৱাৰ পিছতেই ধুবুৰী আৰক্ষী অধীক্ষক নবিন সিঙে তৎক্ষণাৎ বাবে চাকৰিৰ পৰা নিলম্বন কৰে। ধুবুৰী আৰক্ষী অধীক্ষক নবিন সিঙে সদৰি কৰে এই কথা। উল্লেখ্য যে বিলাসীপাৰা সমজিলাৰ আটানি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধনঞ্জয় ৰাভাৰ দুই নম্বৰী কাৰবাৰক লৈ লজ্জানত আটানিৰ ৰাইজ। আটানি আৰক্ষী বিষয়া ধনঞ্জয় ৰাভাই বহু দুই নম্বৰী কাম কৰি এইবাৰ পৰিছে ধৰা। দৰ দাম কৰি ধন সংগ্ৰহ কৰি সামাজিক মাধ্যমত সাংঘাতিক ধৰণে ভাইৰেল হৈছিল এইগৰাকী দুই নম্বৰী আৰক্ষী বিষয়া। আৰক্ষী বিষয়াই ৰাইজক বিপদত পেলাই গণি গণি ধণ সংগ্ৰহ কৰিছে। আৰক্ষী নহয় যেন, অভিজ্ঞতাসম্পন্ন ধন সংগ্ৰাহকহে! আটানি আৰক্ষী বিষয়াৰ দুই নম্বৰী কাৰবাৰক লৈ মুখ খুলিছিল স্থানীয় দল সংগঠন আৰু ৰাইজে। উল্লেখ্য যে পূৰ্বেও বহু দুই নম্বৰী কাম কৰাৰ একাধিক নজিৰ আছে এইগৰাকী খাকী পোছাকধাৰী ধনলোভী আৰক্ষী বিষয়াৰ বিৰুদ্ধে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like