নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা ৰং চেনেলত নতুন ধাৰাবাহিক দুহিতা-হায় ঐ খাপলা কাই

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ ডিচেম্বৰঃ দর্শকৰ সঁহাৰি আৰু আদৰ স্মেহত গৌৰৱোজ্জ্বল পোন্ধৰটা বর্ষ অতিক্রম কৰিবলৈ সক্ষম হোৱা মনোৰঞ্জনধর্মী চেনেল ৰঙে দর্শকৰ বাবে উপহাৰ হিচাপে আগবঢ়াইছে এখন অতি উচচমানৰ ধাৰাবাহিক দুহিতা৷ আজিৰে পৰা প্রতি সোমবাৰৰ পৰা শনিবাৰলৈ নিশা ৮.৩০ বজাৰ পৰা দর্শকে উপভোগ কৰিব পাৰিব ধাৰাবাহিকখন৷ ৰিণিকি ভূঞা শর্মাৰ পৰিকল্পনা তথা দূৰদর্শন ধাৰাবাহিকৰ এজন দক্ষ পৰিচালক ৰূপকমল হাজৰিকাৰ পৰিচালনাৰে নির্মাণ হোৱা এই ধাৰাবাহিকখন হ’ব ৰঙৰ এক বলিষ্ঠ নিবেদন৷ দুহিতা ধাৰাবাহিকখনৰ নামটোৱেই ইংগিত দিয়ে ইয়াৰ কাহিনীভাগ হৈছে কোনো এখন ঘৰৰ এজনী জীয়ৰীৰ কথাৰে৷ দুহিতা হৈছে এজনী নাৰী, যি গাভৰু কালৰ পৰাই সন্মুখীন হৈছে বহুতো ঘাত–প্রতিঘাত আৰু কঠোৰ সংগ্রামৰ৷ এটা অকথিত অতীতক মনৰ সংগোপনত ভাৰ বৈ লৈ থকা দুহিতা মনৰ অনিচ্ছাৰে এখন সম্ভ্রান্ত ঘৰলৈ বিয়া হৈ যাব লগা হ’ল৷ জীৱনে যি দিছে তাক দায়িত্ব হিচাপে গ্রহণ কৰি দুহিতাই আৰম্ভ কৰিছিল তাইৰ নতুন সংসাৰখন৷ কিন্তু এক সন্ধিক্ষণত ঘটনাক্রমে তাইৰ সন্মুখত আহি ধৰা দিয়ে তাইৰ অনাকাংক্ষিত অতীতটোৱে৷ সুন্দৰভাৱে আগবাঢ়ি যোৱা তাইৰ জীৱনত আহি পৰে এক প্রত্যাহ্বান৷ এজাক ধুমুহাৰ দৰে সেই গোপন অতীতে খেলিমেলি লগাই দিয়ে তাইৰ চলি থকা সংসাৰখনত৷ অশেষ কষ্টৰে জীৱনক গতি দিবলৈ চেষ্টা কৰা দুহিতাৰ জীৱনে পথ সলনি কৰিবলৈ বাধ্য হৈ পৰে৷ তাৰ পিছতো দুহিতাই জীৱনক জয় কৰাৰ যুদ্ধখন চলাই যায়৷ এই যুদ্ধত তাই অতিক্রম কৰিব লগা হয় নানা ঘাত–প্রতিঘাত আৰু কঠোৰ সংগ্রামৰ৷ প্রেমৰ জৰিয়তে, জীৱনৰ অর্থ বিচাৰিব খোজা দুহিতাৰ জীৱনে খোজ দিব লগা হয় প্রেমহীন, সংগীবিহীন এক শুকান মৰুভূমিত৷ সেই জীৱন ছাহাৰাত বাট বোলোঁতে তাই সন্মুখীন হোৱা বেদনা, কষ্ট, নিঃসংগতা আৰু অভিজ্ঞতাসমূহৰ এনে এখন জীয়া ছবি হ’ল দুহিতাৰ কাহিনী৷ যি কাহিনীত দর্শকে বিচাৰি পাব এগৰাকী নাৰীৰ জীৱন পৰিক্রমাৰ বহু অধ্যায় আৰু বহু নতুন সোৱাদ৷ যি কাহিনীয়ে প্রতিটো খণ্ডতে দর্শকক কৰি তুলিব ৰোমাঞ্চিত৷ যি কাহিনীত আছে জীৱন জয়ৰ জয়গান৷ এনে এটি সুন্দৰ কাহিনীৰে দুহিতাৰ চিত্রনাট্য আৰু সংলাপ ৰচনা কৰিছে শিল্পিকা মধুকল্যই৷ দুহিতাৰ দৃশ্যসমূহক কেমেৰাৰে জীৱন্ত ৰূপ দিছে নাহিদ আহমেদ আৰু চনু ডেকাই৷ এই ধাৰাবাহিকখনৰ প্রতিটো চৰিত্রই অতি বাস্তৱসন্মত আৰু প্রতিটো চৰিত্রই প্রত্যাহ্বানস্বৰূপ৷ এই চৰিত্রসমূহ ৰূপায়ণ কৰা শিল্পীসকল হ’ল– অনিতা চক্রৱর্তী, ৰঞ্জনজ্যোতি শর্মা, পুতুল লাহন, ৰীমা বৰুৱা, বাবুল কাকতি, অর্চনা বেজবৰুৱা, নর্মদা দাস, পল্লৱী মেধি, প্রিয়ংকা বৈশ্য, হিমাংগী কলিতা, মেঘালী ৰাং ৰা, বিবেক বৰা, হীৰকজ্যোতি বৰদলৈ, মীনাক্ষি দেৱী, ভাৰতী কলিতা আদিয়ে৷ কামৰূপ ক্রিয়েচনৰ হৈ দুহিতাৰ কার্যবাহী প্রযোজক হিচাপে আছে ভৰত কলিতা৷ সহকাৰী পৰিচালক বাবুল ভূঞা৷ শীর্ষগীতৰ সংগীত আৰু আৱহ সংগীত পৰাগ প্রিয়ম নাথৰ৷ সম্পাদনা বিপুল কলিতাৰ৷ ৰূপসজ্জা নির্মালি কাশ্যপ, পিণ্টু মণ্ডলৰ৷ কলা নির্দেশনা ব্রজেন কোচৰ৷ সহঃ প্রযোজনা ৰীণা কলিতাৰ৷ পুনঃশব্দগ্রহণ পল্লৱ ভূঞাৰ৷ এটি নিপোটল কাহিনী, দক্ষ পৰিচালনা, সুন্দৰ অভিনয়েৰে নির্মাণ হোৱা ৰঙৰ এই ধাৰাবাহিক দুহিতাই দর্শকসকলৰ অন্তৰ জয় কৰিবলৈ সক্ষম হ’ব৷ নতুন ধাৰাবাহিক দুহিতাই দর্শকৰ আদৰ আৰু সঁহাৰি লাভ কৰি আগন্তুক বর্ষত এখন জনপ্রিয় ধাৰাবাহিক হ’ব বুলি ৰং পৰিয়াল একান্তই আশাবাদী৷ ইফালে দুহিতাৰ লগতে ৰঙে সম্প্রচাৰ কৰিব আন এখন হাস্যব্যংগ ধাৰাবাহিক ‘হায় ঐ খাপলা কাই’৷ কেইটামান সৰল আৰু নিভাঁজ চৰিত্রৰ মাজেৰে ৰসাল কাহিনীৰ এক সুন্দৰ উপস্থাপন কৰা হৈছে এইখন ধাৰাবাহিকত৷ গ্রাম্য জীৱনৰ এটি জনপ্রিয় চৰিত্র খাপলাৰ লগত জডিত নতুন কাহিনীৰে দর্শকক হাস্যৰসৰ মনোৰঞ্জন প্রদান কৰা এই ধাৰাবাহিকখনৰ কাহিনী, চিত্রনাট্য, পৰিচালনা বুলবুল হুছেইনৰ৷ আজিৰে পৰা প্রতি সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া ৭ বজাত দর্শকসকলে এই ধাৰাবাহিক উপভোগ কৰি কর্মব্যস্ত জীৱনত এক নির্মল আনন্দ লাভ কৰিবলৈ সক্ষম হ’ব৷

You might also like